ETV Bharat / state

জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে ৰঙিয়াবাসীক

author img

By

Published : Oct 3, 2020, 11:43 AM IST

ৰঙিয়া নগৰৰ ১০নং ৱাৰ্ডত থকা কাঠৰ জৰাজীৰ্ণ দলঙে দুৰ্ভোগ ভুগাইছে ৰাইজক ৷ মৰণত শৰণ কৰি দৈনিক দলং খনেৰে যাতায়ত কৰি আহিছে সহস্ৰাধিক লোকে ৷ বিভাগীয় কৰ্তৃপক্ষই দলং খন নিৰ্মাণৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

rangia_road and bridge_problem
জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে ৰঙিয়াবাসীক

ৰঙিয়া,3অক্টোবৰ: ৰাইজৰ বাবে মৰণ ফান্দত পৰিণত হৈছে ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডত থকা কাঠৰ জৰাজীৰ্ণ দলং খন । মৰণত শৰণ কৰি দৈনিক এই দলং খনেৰে যাতায়ত কৰি আহিছে সহস্ৰাধিক লোকে । ৰঙিয়া নগৰৰ পৰা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথটোত থকা জৰাজীৰ্ণ দলং খনৰ অৱস্থা বৰ্তমান তেনেই তথৈবচ । দুই বছৰ পূৰ্বে দলং খন নিৰ্মাণ কৰা হৈছিল যদিও অতি নিম্ন মানৰ কাম কৰাৰ ফলত দলং খন জহি খহি যোৱাৰ উপক্ৰম হৈছে । জৰাজীৰ্ণ দলং খনেৰে যাতায়ত কৰোতে প্ৰায়ে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

ইফালে,বিধ্বস্ত পথটোৰ বাবেও জীয়াতু ভুগি আহিছে ৰাইজে । যাতায়তৰ নামত জনসাধাৰণে নৰক যন্ত্ৰণা ভুগি আহিছে বছৰ-বছৰ ধৰি । বিশেষকৈ শিশু,মহিলা , বৃদ্ধ,ৰোগী আদিয়ে যাতায়তৰ নামত দুৰ্ভোগ ভুগি আহিছে ৷ কিন্তু ইয়াৰ পাছতো কোনো গুৰুত্ব নাই ৰঙিয়া পৌৰসভা আৰু গড়কাপ্তানী বিভাগৰ। ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাৰ লগতে গড়কাপ্তানী বিভাগক পকী দলং আৰু পথটো নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই ৰাইজে ৷

অন্য এক খবৰৰ বাবে: বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.