ETV Bharat / state

ৰঙিয়াত অবড়ো সুৰক্ষা সমিতিৰ উদ‍্যোগত বিশাল জনসভা - rangia public meeting

সভাত উপস্থিত থাকি দিলীপ বায়নে কয় যে, চৰকাৰে গঠন কৰি দিয়া আয়োগে অতি সোনকালেই চৰকাৰে বান্ধি দিয়া নীতি অনুসৰি বিটিআৰৰ পৰা অবড়ো গাঁও কৰ্তনৰ বাবে কাম আৰম্ভ কৰিব ।

rangia-public-meeting
ৰঙিয়াত অবড়ো সুৰক্ষা সমিতিৰ উদ‍্যোগত বিশাল জনসভা
author img

By

Published : Oct 19, 2020, 4:12 PM IST

ৰঙিয়া, 19 অক্টোবৰ : ৰঙিয়াৰ কাউৰবাহাত অবড়ো সুৰক্ষা সমিতিৰ উদ‍্যোগত এক বিশাল জনসভা অনুষ্ঠিত হয় । উক্ত জনসভাত উপস্থিত থাকে অসম চৰকাৰে বিটিআৰৰ পৰা অবড়ো গাঁও সমূহ কৰ্তন কৰাৰ উদ্দেশ্যে গঠন কৰা আয়োগৰ সদস্য দিলীপ বায়ন, অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাৰ লগতে কাউৰবাহা অঞ্চলৰ প্ৰায় পাঁচ শতাধিক অবড়ো লোক । সভাত উপস্থিত থাকি দিলীপ বায়নে কয় যে, চৰকাৰে গঠন কৰি দিয়া আয়োগে অতি সোনকালেই চৰকাৰে বান্ধি দিয়া নীতি অনুসৰি বিটিআৰৰ পৰা অবড়ো গাঁও কৰ্তনৰ বাবে কাম আৰম্ভ কৰিব ।

আনহাতে সভাত উপস্থিত থকা আন আন ব্যক্তিসকলে আয়োগৰ সদস্য বায়নৰ আগত অবড়ো লোক সকলে বিটিআৰত বহুত দুখত সময় কটোৱা বুলি দুখ প্ৰকাশ কৰে । লগতে অতি সোনকালে সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনায় উপস্থিত থকা ব্যক্তিসকলে ।

ৰঙিয়াত অবড়ো সুৰক্ষা সমিতিৰ উদ‍্যোগত বিশাল জনসভা

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.