ETV Bharat / state

হোমেন বৰগোহাঞিৰ মৃত্যুত ৰঙিয়া প্ৰেছ ক্লাবৰ শোক প্ৰকাশ - ৰঙিয়া প্ৰেছক্লাবৰ সভাপতি অঞ্জন পাটোৱাৰী

বৃহস্পতিবাৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধা নিবেদন কৰে ৰঙিয়া প্ৰেছ ক্লাবৰ সদস্যসকলে ৷ তেখেতৰ বিয়োগ অসমীয়া সাহিত্য, সংবাদক্ষেত্ৰ আৰু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি দুখ প্ৰকাশ কৰে ৰঙিয়া প্ৰেছ ক্লাবৰ সদস্যসকলে ৷

rangia-press-club's deep condolence on Homen Borgohain passes away
হোমেন বৰগোহাঞিৰ মৃত্যুত ৰঙিয়া প্ৰেছক্লাৱৰ গভীৰ শোক প্ৰকাশ
author img

By

Published : May 13, 2021, 8:51 PM IST

ৰঙিয়া,13 মে': অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ মৃত্যুত ৰঙিয়া প্ৰেছ ক্লাবৰ গভীৰ শোক প্ৰকাশ ৷ বৃহস্পতিবাৰে ৰঙিয়া প্ৰেছ ক্লাবত আয়োজন কৰা এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ক্লাবৰ সদস্যসকলে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে ৰঙিয়া প্ৰেছ ক্লাবৰ সভাপতি অঞ্জন পাটোৱাৰীয়ে ৷ ক'ভিড নীতি-নিৰ্দেশনাৰ মাজেৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ, বন্তি প্ৰজ্বলন কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন ব্ৰত পালন কৰা হয় ৷

হোমেন বৰগোহাঞিৰ মৃত্যুত ৰঙিয়া প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

আত্মাৰ চিৰশান্তি কামনা কৰি ৰঙিয়া প্ৰেছ ক্লাবৰ সাংবাদিকসকলে হোমেন বৰগোহাঞিৰ বিয়োগ অসমীয়া সাহিত্য, সংবাদ ক্ষেত্ৰ আৰু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি দুখ প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ নতুন চৰকাৰক লৈ আশাবাদী আহোম জাতীয় গণ মঞ্চ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.