ETV Bharat / state

আন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত কঠোৰ ৰঙিয়া আৰক্ষী - Covid

শেহতীয়াকৈ কেইবা দিনো ধৰি উদ্বেগজনক ভাৱে নলবাৰী জিলাত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আন্তঃ জিলা যাতায়তৰ (Inter district transport) ক্ষেত্ৰত পুনৰ কঠোৰ হৈছে ৰঙিয়াৰ আৰক্ষী তথা প্ৰশাসন । নলবাৰী জিলাৰ পৰা ৰঙিয়ালৈ আহিব বিচৰা প্ৰতিখন বাহনক ৰঙিয়াৰ উদিয়ানাত তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে ।

inter district transport
কঠোৰ ৰঙিয়া আৰক্ষী
author img

By

Published : Jul 2, 2021, 3:30 PM IST

ৰঙিয়া, ২ জুলাই : ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কেইবাখনো অসমৰ কেইবাখনো জিলাক ইতিমধ্যে ৰেড জিলা (Red district) হিচাপে ঘোষণা কৰিছে । যিহেতু সেই জিলাবোৰত কৰ'ণাৰ গণ সংক্ৰমণ (mass transmission) বৃদ্ধি পাইছে । সেইবোৰ জিলাত কঠোৰ ভাৱে সান্ধ্য আইন (Night curfew) বলবৎ কৰা হৈছে ।

লক্ষণীয়ভাৱে কিছু দিন পূৰ্বলৈ অসমৰ নলবাৰী জিলাত আক্ৰান্তৰ হাৰ (Positivity rate) যথেষ্ট কম আছিল । যাৰ বাবে নলবাৰীক গ্ৰীণ জিলা (Green district) হিচাপেও চৰ্চা লাভ কৰিছিল । কিন্তু শেহতীয়াকৈ কেইবা দিনো ধৰি উদ্বেগজনক ভাৱে জিলাখনত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । যাৰ বাবে এতিয়া ওচৰ চুবুৰীয়া জিলাসমূহলৈও ভাবুকি আহি পৰিছে ।

আন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত কঠোৰ ৰঙিয়া আৰক্ষী

জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আন্তঃ জিলা যাতায়তৰ (Inter district transport) ক্ষেত্ৰত পুনৰ কঠোৰ হৈছে ৰঙিয়াৰ আৰক্ষী তথা প্ৰশাসন । অসমৰ চাৰিখন জিলাৰ ভিতৰত নলবাৰী জিলাতো সংক্ৰমণ অধিক হোৱাৰ বাবে ৰঙিয়া-নলবাৰী সীমান্তত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন । নলবাৰী জিলাৰ পৰা ৰঙিয়ালৈ আহিব বিচৰা প্ৰতিখন বাহনক ৰঙিয়াৰ উদিয়ানাত তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে । নিয়ম ভংগ কৰা গাড়ীসমূহ পুনৰ নলবাৰী লৈ ঘুৰাই পঠিয়াই দিয়ে আৰক্ষীয়ে ।

নলবাৰীৰ পৰা কামৰূপ জিলালৈ কিছুমান গাড়ী বিভিন্ন অজুহাত দেখুৱাই আহিব বিচাৰিছিল যদিও আৰক্ষীয়ে ওভতাই পঠিয়াইছে । আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে কোনো লোকে এই নিয়ম ভংগ কৰিব নোৱাৰে । স্বাস্থ্য বিভাগৰ লগত জড়িত লোক, ৰোগীৰ সকল লগতে চৰকাৰী কৰ্মচাৰী (Government employee), ব্যক্তিগত খণ্ডত নিয়োজিত কিছু কৰ্মচাৰীক অৱশ্যে ইয়াৰ পৰা ৰেহাই দিয়া হৈছে ।

উল্লেখ যে ক'ভিড (Covid) পৰিস্থিতি উন্নত কৰাৰ বাবে চৰকাৰে প্ৰায় দুমাহ পূৰ্বে আন্ত: জিলা যাতায়ত বন্ধ কৰি দিছিল । যিহেতু অসমৰ প্ৰায় অঞ্চলতে কৰ'ণাৰ গণ সংক্ৰমণ দেখা দিছে । বৰ্তমানলৈ ৰঙিয়াত ৩৬ গৰাকী ক'ভিডত আক্ৰান্ত হৈ মৃত‍্যুমুখত পৰাৰ বিপৰীতে প্ৰায় ১৭০০ লোক আক্ৰান্ত হৈছে ।

লগতে পঢ়ক :শিৱসাগৰত ক'ভিড আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.