ৰঙিয়া, 23 আগষ্ট : দেশত ভয়াৱহ ক’ৰণা সংক্ৰমণৰ মাজতেই উত্তৰ প্ৰদেশৰ এখন বাছে অনিশ্চয়তা কঢ়িয়ায় আনিছে ৰঙিয়াবাসীলৈ ৷ ই টিভিত বাতৰি সম্প্ৰচাৰৰ পিছতেই কঠোৰ হৈছে ৰঙিয়াৰ আৰক্ষী প্ৰশাসন । মাত্ৰ দুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ এখন বাছ আহি ৰঙিয়াৰ হাইৱে বাছ আস্থানত উপস্থিত হৈছিল । লগে লগে হুৱাদুৱা লাগিছিল ৰঙিয়াৰ হাইৱে বাছ আস্থানত।
সেইসময়ত উপস্থিত ৰঙিয়াৰ বাছচালকসকলে বাছখন ৰখাই সোধপোচ কৰিছিল চালকক । কিন্তু কোনোধৰণৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ড্ৰাইভাৰজন । আনহাতে, বাছখনৰ মাত্ৰ পাঁচজন লোকেহে ক'ভিড টেষ্টৰ কাগজ দেখুৱাবলৈ সক্ষম হৈছিল ।
এই বিষয়ে ইটিভি ভাৰতত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল । তাৰ পিছতেই সোমবাৰে ৰঙিয়া-নলবাৰীৰ সীমান্তৰ উদিয়ানাত স্থাপন কৰা অস্থায়ী তালাচি চকীৰ পৰা গাড়ীসমূহ ওভতাই পঠিয়াইছে আৰক্ষীয়ে ।
বাহনসমূহৰ নথি-পত্ৰসমুহ কঠোৰভাৱে পৰীক্ষা কৰিছে আৰক্ষীয়ে । কাগজ পত্ৰ সঠিক ৰূপত নৰখাসকলক উদিয়ানাৰ পৰাই ওভতাই পঠিয়াইছে আৰক্ষীয়ে । লগতে আইন অমান্য কৰা বহু লোকক এহেজাৰ টকাকৈ জৰিমনাও বিহিছে আৰক্ষীয়ে । আৰক্ষী কঠোৰ হোৱা বাবে বহুলোকে আৰক্ষীৰ লগত যুক্তি-তৰ্কতো লিপ্ত হৈছে ।
কিন্তু আৰক্ষীয়ে সকলোকে ওভতি যাবলৈ বাধ্য কৰাইছে । উল্লেখযোগ্য যে, আন্তঃজিলা যাতায়ত বন্ধ থকাৰ পিছতো বৰপেটা নলবাৰীকে ধৰি বহুকেইখন জিলাৰ যাত্ৰীবাহী বাছ ৰঙিয়াৰ মাজেৰে নিৰ্বিঘ্নে চলাচল কৰি আছিল । ইমানকেইটা আৰক্ষী তালাচি চকী পাৰহৈ অন্য জিলাৰ বাছসমূহ ৰঙিয়াত কেনেদৰে উপস্থিত হয় ইয়াকে লৈ ৰঙিয়াৰ বাছচালকসকলে বহুবাৰ অভিযোগ উত্থাপিত কৰিছিল ৷
বাছচালকসকল বিষয়টো অৱগত কৰিবলৈ আৰক্ষীৰো কাষ চাপিছিল । কিন্তু আৰক্ষীয়ে সেইখিনি সময়ত বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । কিন্তু বৰ্তমান এই বিষয়টোত সস্তম হৈছে আৰক্ষী ।
লগতে পঢ়ক:দিল্লী প্ৰদূষণ : কেজৰিৱালে উদঘাটন কৰিব প্ৰথমটো স্মগ টাৱাৰ