ETV Bharat / state

Opposition parties form grand alliance: নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহে মহাজোঁট গঠন কৰা সন্দৰ্ভত কি ক’লে ভৱেশ কলিতাই !

author img

By

Published : Jun 10, 2023, 2:08 PM IST

আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহে মহাজোঁট গঠন কৰাৰ বিষয়ে মন্তব্য কৰিলে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাই (Opposition parties form grand alliance) ।

Rangia MLA
ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতা

ৰঙিয়া, 10 জুন : মহাজোঁট এতিয়া মহা মিথ‍্যাচাৰলৈ ৰূপান্তৰিত হৈছে । কৰ্ণাটকৰ নিৰ্বাচনৰ পিচত এতিয়া কংগ্ৰেছৰ মিছা কথা ওলাই পৰিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহে মহাজোঁট গঠন কৰাৰ সন্দৰ্ভত এই মন্তব্য কৰিলে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাই (Opposition parties form grand alliance) ।

ৰঙিয়াৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে কয় যে মহাজোঁটে বিজেপিক কোনোধৰণে ক্ষতি নকৰে । বিভিন্ন সময়ত ৰাজনৈতিক দলসমূহৰ মাজত জোঁটবন্ধন হৈ আহিছে । পূৰ্বতে নিৰ্বাচনৰ সময়ত ৰাজ‍্যৰ লগতে কেন্দ্ৰতো কংগ্ৰেছৰ নেতৃত্বত দলসমূহৰ জোঁটবন্ধন হৈছিল । কিন্তু অসমৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণে পুনৰবাৰ বিজেপি দলৰ ওপৰতেই আস্থা প্ৰকাশ কৰিছিল । এতিয়াও তেনেকুৱাই হ’বলৈ গৈ আছে (Rangia MLA and BJP state president Bhabesh Kalita ) ।

লগতে পঢ়ক : Opposition Alliance: নীতিশ কুমাৰৰ সভালৈ যাব AIUDF !

মহাজোঁট এতিয়া মহা মিথ‍্যাচাৰলৈ ৰূপান্তৰিত হৈছে । ইফালে কৰ্ণাটকৰ নিৰ্বাচনৰ পিচত এতিয়া কংগ্ৰেছৰ মিছা কথা ওলাই পৰিছে বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে শাসনৰ গাদীত বহিয়ে চৰকাৰে ৰাজ‍্যখনত বিদ‍্যুতৰ মাচুল বৃদ্ধি কৰিছে । আনহাতে আৰ এছ এছৰ মুখপত্ৰত মোদী মেজিক নাই বুলি উল্লেখ থকাৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত দলটোৰ ৰাজ‍্যিক সভাপতি গৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰে (BJP state president Bhabesh Kalita) ।

এই বিষয়ে মন্তব্য দিয়াৰ পৰা বিৰত থাকি জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে আৰ এছ এছৰ মুখপত্ৰত কি ওলাইছে তেওঁ নাজানে । কিন্তু যোৱা ৯ বছৰত ভাৰতবৰ্ষ বহু আগুৱাই গৈছে । বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ কল‍্যাণৰ অৰ্থে বহু আঁচনি গ্ৰহণ কৰিছে আৰু জনসাধাৰণে ভোট দিয়াৰ সময়ত এই সকলোবোৰ কথা মনত ৰাখিবই ।

লগতে পঢ়ক : BJP maha jansampark abhiyan: তুংগত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান, বিশিষ্ট ব্যক্তিৰ ঘৰে ঘৰে বিজেপিৰ কৰ্মকৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.