ETV Bharat / state

ৰঙিয়াত চাৰি বছৰে সৰ্ম্পূণ নহ’ল পকী দলঙৰ কাম - হাজো সমষ্টি

কে ডি আই চি নামৰ প্ৰতিষ্ঠানটোৱে ২০১৭ বৰ্ষতে পকী দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । কিন্তু আধা অংশ কাম কৰাৰ পিছত বহু দিন ধৰি দলংখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ আছে । যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে গঞা ৰাইজ ৷

Rangia Manki Jaan bridge is still incomplete after 4 years
ৰঙিয়াত চাৰি বছৰে সৰ্ম্পূণ নহ’ল পকী দলঙৰ কাম
author img

By

Published : Jun 12, 2021, 1:22 PM IST

ৰঙিয়া, 12 জুন : ৰঙিয়াৰ শিমলুৱাত মানকি জানৰ ওপৰত পকী দলঙখনৰ (bridge) নিৰ্মাণৰ নামত কে ডি আই চি (KDIC) নামৰ এটা প্ৰতিষ্ঠানে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ প্ৰতিষ্ঠানটোৱে ২০১৭ বৰ্ষতে পকী দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । কিন্তু আধা অংশ কাম কৰাৰ পিছত বহু দিন ধৰি দলংখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ আছে । বিভাগীয় নিয়ম অনুসৰি, দুবছৰ ভিতৰত প্ৰতিষ্ঠানটোৱে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব লাগিছিল । কিন্তু চাৰি বছৰ পিছতো দলংখন (Bridge) সম্পূৰ্ণ হৈ নুঠাত স্থানীয় ৰাইজে এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে (Bamboo Bridge) বিপদজনকভাৱে যাতায়াত কৰিবলগা হৈছে ।

ৰঙিয়াত চাৰি বছৰে সৰ্ম্পূণ নহ’ল পকী দলঙৰ কাম

দীৰ্ঘদিন ধৰি মানকি জানৰ ওপৰত নিৰ্মাণ কৰা পকী দলংখনৰ কাম বন্ধ হৈ থকাত গঞা ৰাইজ ক্ষুব্ধ হৈ পৰিছে । ইফালে জৰাজীৰ্ণ বাঁহৰ দলংখনেৰে (Bamboo Bridge) অতি বিপদসংকুলভাৱে যাতায়ত কৰি দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰঙিয়া আৰু হাজো সমষ্টিৰ বহুকেইখন গাঁৱৰ লোক ৷ বিধ্বস্ত এই বাঁহৰ দলংখনেৰে যাতায়াত কৰাৰ বাবে বহু সময়ত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে । প্ৰতিষ্ঠানটোৰ এনে দায়িত্বহীনতা আৰু হেমাহিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে পকী দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ অঞ্চলবাসীৰ লগতে কামৰূপ জিলা ছাত্ৰ সন্থা আৰু স্থানীয় লোকে দাবী জনাইছে ৷

Rangia Manki Jaan bridge is still incomplete after 4 years
ৰঙিয়াত চাৰি বছৰে সৰ্ম্পূণ নহ’ল পকী দলঙৰ কাম

লগতে পঢ়ক : নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ: শিশু সেৱা আঁচনি মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.