ETV Bharat / state

কলেজ উদ্বোধন হ'ল ঠিকেই , কিন্তু চাৰিবছৰে পাঠদান নহ'ল কলেজত ! - আই টি আই

ভূত বাংলাত পৰিণত হৈছে ৰঙিয়াৰ আই টি আই কলেজ । চাৰিওফালৰ পৰা হাবি-জংঘলে আৱৰি ধৰিছে কলেজখন । চাৰি বছৰৰ পূৰ্বে কলেজখন উদ্বোধন হোৱাৰ পাছতো এই পৰ্যন্ত আৰম্ভ হোৱা নাই এটাও ক্লাছ ।

ভূত বাংলাত পৰিণত হৈছে ৰঙিয়া আই টি আই কলেজ
author img

By

Published : Apr 26, 2019, 2:43 PM IST

ৰঙিয়া,২৬ এপ্ৰিলঃ :চাৰি বছৰ পূৰ্বে উদ্বোধন হোৱা ৰঙিয়াৰ আই টি আই কলেজত বৰ্তমানলৈকে হোৱা নাই এটাও ক্লাছ। ক্ৰমান্বয়ে ধ্বংস হ'বলৈ ধৰিছে ৰঙিয়াৰ মাহতলিস্থিত এই কাৰিকৰী প্ৰতিষ্ঠান খন । চাৰিওফালৰ পৰা হাবি-জংঘলৰে আৱৰি ধৰা কলেজখন বৰ্তমান ভূত বাংলা সদৃশ হৈছে । শাসকীয় কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে কলেজখন আৰম্ভ কৰাৰ ক্ষেত্ৰত । উল্লেখ্য যে, প্ৰায় ৬ বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত তুলসীবাৰীৰ মাহতলিত ৰাইজে দান কৰা মাটিত এই কাৰিকৰী প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল ।

ভূত বাংলাত পৰিণত হৈছে ৰঙিয়া আই টি আই কলেজ ।
পৰৱৰ্তী সময়ত অতি লেহেমীয়া গতিত নিৰ্মাণৰ কাম আৰম্ভ কৰা কলেজখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত চাৰি বছৰ পূৰ্বে সাংসদ ভুৱনেশ্বৰ কলিতা আৰু তদানীন্তন স্থানীয় বিধায়ক ঘনশ্যাম কলিতাই কলেজখনৰ শুভ উদ্বোধন কৰিছিল । কিন্তু উদ্বোধনৰ চাৰি বছৰৰ পিছতো বৰ্তমানলৈকে কলেজখনত শিক্ষাদান আৰম্ভ নোহোৱাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ । সম্প্ৰতি ৰাইজে কলেজখন আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

পঢ়কঃসুৰক্ষিত স্থানলৈ পুৰণিগুদামৰ ঐতিহাসিক মিনাৰ

Intro:চাৰি বছৰ পূৰ্বে উদ্বোধন হোৱা আই টি আই কলেজত আজিকোপতি নহল এটাও ক্লাছ। জহি খহি যাবলৈ ধৰিছে ৰঙিয়াৰ মাহতলিস্থিত এই কাৰিকৰী প্ৰতিষ্ঠান খন।কি বিজেপি কি কংগ্ৰেছ, সকলোৱে পাহৰিলে কলেজখনৰ কথা।Body:ভূত বাংলাত পৰিণত হৈছে ৰঙিয়া আইটিআই কলেজ । চাৰিওফালৰ পৰা হাবি-জংঘলৰে আবৰি ধৰিছে কলেজখন । প্ৰায় চাৰি বছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ৰঙিয়া তুলসীবাৰীস্থিত আইটিআই কলেজখন আজিলৈকে আৰম্ভ নহ'ল। কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ, কোনেও গুৰুত্ব নিদিলে কলেজখন আৰম্ভ কৰাৰ ক্ষেত্ৰত । উল্লেখ্য যে প্ৰায় ৬ বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত তুলসীবাৰীৰ মাহতলিত ৰাইজে দান কৰা মাটিত এই কাৰিকৰী প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল । পৰৱৰ্তী সময়ত অতি লেহেম গতিত নিৰ্মাণৰ কাম আৰম্ভ কৰা কলেজখনৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পিছত চাৰি বছৰ পূৰ্বে সাংসদ ভুৱনেশ্বৰ কলিতা আৰু তদানীন্তন স্থানীয় বিধায়ক ঘনশ্যাম কলিতাই কলেজখন শুভ উদ্বোধন কৰিছিল । কিন্তু চাৰি বছৰ পিছতো আজিলৈকে কলেজখনত শিক্ষাদান আৰম্ভ নোহোৱাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে । ইফালে কলেজখন আৰম্ভ নৌহওতে জহি-খহি যাবলৈ ধৰিছে কলেজখনৰ গৃহ । ৰাইজে অতি শীঘ্ৰে কলেজখন আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

BITE : (1) স্থানীয় যুৱক (2) স্থানীয় মহিলাConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.