ETV Bharat / state

বৰলীয়া নৈৰ খহনীয়াই ভাবুকি মাতিছে ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথলৈ

author img

By

Published : Sep 26, 2019, 5:17 PM IST

ৰঙিয়াত বৰলীয়া নৈৰ খহনীয়াৰ কাল ৰূপ ৷ যাৰ বাবে ২০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান নৈখনত জাহ যোৱাৰ উপক্ৰম হৈছে । লগতে নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথলৈ ৷

ৰঙিয়াত বৰলীয়া নৈৰ খহনীয়াৰ কাল ৰূপ

ৰঙিয়া,26ছেপ্টেম্বৰ : বৰলীয়া নৈৰ ভয়াবহ গৰাখহনীয়াৰ বাবে ৰঙিয়াৰ ব্যৱসায়িক কেন্দ্ৰস্থলী বাছ আস্থানত ২০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । ভংয়কৰ খহনীয়াৰ তাণ্ডৱত আংতকিত হৈ পৰিছে অঞ্চলটোৰ ব্যৱসায়ীসকল ।

ৰঙিয়াত বৰলীয়া নৈৰ খহনীয়াৰ কাল ৰূপ

আনহাতে,ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ দেৱাল, চিলিংসমূহ চিৰাল ফাট মেলি ভাঙি পৰিছে । আনহাতে খহনীয়াৰ প্ৰকোপে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথলৈও ভাবুকি কঢ়িয়াই আনিছে । অতিশীঘ্ৰে গৰাখহনীয়া ৰোধ নকৰিলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোও নৈৰ বুকুত জাহ যাব । কিন্তু ইমানৰ পাচতো কাণসাৰ নাই জলসম্পদ বিভাগ অথবা বিভাগীয় কৰ্তৃপক্ষৰ । ইপিনে বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে চাওক : ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহঃ কোনে কাক টিকট দিব?

Intro:খহনীয়াত জাহ যাব ওলাইছে ব‍্যৱসায়িক প্ৰতিষ্ঠানBody:ৰঙিয়াত বৰলীয়া নৈৰ ভয়াবহ গৰাখহনীয়াৰ বাবে ৰঙিয়াৰ ব্যৱসায়িক কেন্দ্ৰস্থলী বাছষ্টেণ্ডত ২০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান নৈখনত জাহ যোৱাৰ উপক্ৰম হৈছে। দিনে দিনে খহনীয়াই দোকান সমুহৰ কাষ চাপি আহি আছে। ফলত বৰষুণৰ সময়ত নদীত অকনমান পানী বাঢ়িলেই আতংকিত হৈ পৰে ৰাইজ।বৰলীয়া নৈৰ ভংয়কৰ খহনীয়াৰ তাণ্ডৱ ৰূপত আংতকিত হৈ পৰিছে অঞ্চলটোৰ ব্যৱসায়ীসকল। ব্যৱসায়িক প্ৰতিষ্ঠান সমুহৰ ৱাল, চিলিংসমুহ চিৰাল ফাট মেলি ভাঙি পৰিছে। আনহাতে খহনীয়া যিটো দিশত আগ বাঢ়িছে, সেই একেটা দিশতেই মাত্ৰ কেইমিটাৰমান দূৰত্বত আছে ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ। অতি শীঘ্ৰে গৰাখহনীয়া ৰোধ নকৰিলে ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোও নদীৰ বুকুত জাহ যাব। জোৰ পুৰি হাত পোৱাৰ পিছতো কানসাৰ নাই জলসম্পদ বিভাগ অথবা চৰকাৰৰ। চৰকাৰ, সংশ্লিষ্ট বিভাগ অথবা নেতা-মন্ত্ৰী কাৰোৱেই সময় নাই এইসকল লোকৰ জ্বলন্ত সমস্যা সমাধান কৰিবলৈ। বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা লোৱা নাই এইপৰ্য্যন্ত।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.