ETV Bharat / state

ৰঙিয়াত ক'ৰণা প্ৰতিষেধক কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 29, 2021, 2:00 PM IST

ৰাজ্যৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই । ৰাজ্যত দৈনিক সহস্ৰাধিক লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈ আহিছে । মহামাৰী কৰ’ণা ভাইৰাছক পৰাস্ত কৰিবলৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো চৰকাৰ তথা প্ৰশাসনে টীকাকৰণ প্ৰক্ৰিয়াত বিশেষ তৎপৰতা অৱলম্বন কৰিছে ৷ এনে সময়তে ৰঙিয়াত ক'ৰণা প্ৰতিষেধক কেন্দ্ৰত ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Rangia Covid care center
ৰঙিয়াৰ জয়ন্তীপুৰত ক'ৰণা প্ৰতিষেধক কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ৰঙিয়া, 29 আগষ্ট : ৰঙিয়া স্বাস্থ্যখণ্ডৰ অধীনৰ জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪৪ নং জয়ন্তীপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ক'ৰণা প্ৰতিষেধক কেন্দ্ৰত শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেন্দ্ৰটোত ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ১০ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে । কোনো লোকে ভেকচিনৰ বাবদ টকা দিবলৈ অমান্তি হ’লে ভেকচিন অবিহনেই উভতাই পঠিওৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।

জয়ন্তীপুৰৰ চৰকাৰী গাঁওবুঢ়া আৰু আশাকৰ্মীসকলে কেন্দ্ৰত ভেকচিনৰ বাবদ মইমতালিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে । ইয়াকে কেন্দ্ৰ কৰি ৪৪ নং জয়ন্তীপুৰ নিম্ন বুনিয়াদী বিদ্যালয় ক'ৰণা প্ৰতিষেধক কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । প্ৰতিবাদ কৰা লোকক ধন সংগ্ৰহ কৰা দালালে সকিয়নী দিয়াৰো অভিযোগ উত্থাপন হৈছে ।

ভেকচিন প্ৰদান কৰা স্বাস্থ্যকৰ্মীক চাহ-ভাত খোৱাবলৈ ধন সংগ্ৰহ কৰা বুলি ৰাইজৰ আগত গাঁওবুঢ়া আৰু আশাকৰ্মীসকলে উল্লেখ কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।

rangia-covid-care-center
ৰঙিয়াত ক'ৰণা প্ৰতিষেধক কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

স্থানীয় লোকসকলে পুৱা ৫ বজাৰ পৰা দীঘলীয়া শাৰী পাতিও ভেকচিন গ্ৰহণ কৰিব পৰা নাই । কিন্তু ১০ টকাকৈ ধন দিয়াৰ বিনিময়তহে ভেকচিন প্ৰদান কৰাৰ অভিযোগ ৰাইজৰ ৷ ক্ষুব্ধ ৰাইজে স্বাস্থ্য বিভাগৰ এনেধৰণৰ খেলিমেলিৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

লগতে পঢ়ক : ক’ভিড ব্যৱস্থাপনাত হোৱা খৰচৰ অনাদায় ধন শীঘ্ৰেই পৰিশোধৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.