ETV Bharat / state

ৰঙিয়াত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ - ৰাজীৱ ভৱন

ৰঙিয়াৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হ'ল কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ । ছট্টিশগড়ৰ পৰা অহা কংগ্ৰেছ নেতাই প্ৰশিক্ষণ দিলে বুথ পৰ্যায়ৰ কৰ্মীসকলক । অনুষ্ঠানত অংশ লৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে হাজো সমষ্টিৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী খগেন কলিতাই ।

ৰঙিয়াত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ
ৰঙিয়াত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ
author img

By

Published : Mar 1, 2021, 5:12 PM IST

ৰঙিয়া, ১ মাৰ্চ : নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ভিন্ন প্ৰান্তত বুথ সংকল্প শিবিৰ অনুষ্ঠিত কৰি কংগ্ৰেছৰ নেতৃত্বই নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে অৱগত কৰিছে বুথ পৰ্যায়ৰ কৰ্মীসকলক । সোমবাৰে ৰঙিয়াৰ ৰাজীৱ ভৱনতো অনুষ্ঠিত হ'ল কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ । নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলালে দলৰ জয় সুনিশ্চিত কৰাত সহায়ক হ'ব সেই বিষয়ে বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰশিক্ষণ দিলে ছট্টিশগড়ৰ পৰা অহা কংগ্ৰেছ নেতাই ।

ৰঙিয়াত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ

আনহাতে, অনুষ্ঠানত অংশ লৈ বিজেপি দলৰ লগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে হাজো সমষ্টিৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী খগেন কলিতাই । তেওঁ কয় যে, বিজেপি চৰকাৰৰ দিনত অসমৰ ৰাইজে অশান্তি পাইছে আৰু আগন্তুক নিৰ্বাচনত অস্তিত্ব লোপ হ'ব বিজেপিৰ । লগতে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ উত্থানত ভয় খাই তুচ্ছ-তাচ্ছিল‍্য কৰিছে বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

লগতে পঢ়ক:নগাঁৱত হেৰ'ইনসহ এজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.