ৰঙিয়া, 7 নৱেম্বৰ : শিশু শ্ৰমিক আইনক উলংঘা কৰি ৰঙিয়াৰ ইটা ভাটাত নিয়োজিত হৈ আছে শিশু শ্ৰমিক ৷ ৰঙিয়াৰ জামতোলাৰ MBI ইটা ভাটাত বৰ্তমানো কাম কৰি আছে কেইবাটাও শিশু শ্ৰমিকে। ইটা বনোৱা কামত ভাটাটোৰ স্বত্বাধিকাৰী উৎপল মেধিয়ে এই শ্ৰমিকসকলক নিয়োগ কৰাৰ খবৰ পোৱা গৈছে ।
যিটো সময়ত এইসকল শিশুৱে ফলি-পুথি লৈ বিদ্যালয়লৈ যাব লাগিছিল, সেই সময়তে শিশু শ্ৰমিকসকলে পেটৰ তাৰণাত কৰিব লগা হৈছে দিন হাজিৰাৰ দৰে কষ্টকৰ কাম । এটি শিশু শ্ৰমিকক এহাজাৰ ইটা নিৰ্মাণ কৰাৰ বাবদ দিয়া হয় মাত্ৰ 330 টকা ।
পখিলা খেদাৰ বয়সৰ এই শিশুসকলে ইটা ভাটাৰ স্বত্বাধিকাৰী উৎপল মেধিৰ বিৰুদ্ধে ৰঙিয়া শ্ৰম বিভাগে এতিয়ালৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা । বিভাগটোৰ বৰমুৰীয়াই শ্ৰমিকৰ কাৰণে কাম কৰিবলৈ এৰি ইটা ভাটাৰ মালিকৰ সৈতে মিলি শিশু শ্ৰমিকসকলক শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ।
লগতে পঢ়ক : প্ৰধান শিক্ষকৰ কামনাৰ বলি ছাত্ৰী