ETV Bharat / state

ৰঙিয়াত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো

author img

By

Published : Sep 10, 2020, 2:04 PM IST

ৰঙিয়াৰ বগৰিবাৰীত পুনৰবাৰ উটি গ'ল বাঁহৰ দলং ৷ স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে দলংখন ৷ দুমাহ পূৰ্বেহে নিৰ্মাণ কৰা হৈছিল দলংখন ৷

rangia_bamboo_bridge
ৰঙিয়াত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো

ৰঙিয়া,10ছেপ্টেম্বৰ : ৰঙিয়াৰ পশ্চিম উলুবাৰীত বানৰ তাণ্ডৱ ৷ বানে উটুৱাই নিলে বগৰিবাৰীৰ বাঁহৰ দলং ৷ অঞ্চলটোত দ্বিতীয়বাৰৰ বাবে পুথিমাৰী নৈৰ মথাউৰি ভাঙি যোৱাত নৈখনৰ কোঁৱাল সোঁতত উটি যায় এখন বাঁহৰ দলং ৷

ৰঙিয়াত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো

উল্লেখ্য যে, পুথিমাৰী নৈৰ বাঢ়নী পানীয়ে দুমাহ পূৰ্বে ৰঙিয়াৰ বিস্তৃৰ্ণ অঞ্চল প্লাৱিত কৰিছিল ৷ এই বানত উটি গৈছিল অঞ্চলবাসীৰ যাতায়তৰ একমাত্ৰ সম্বল বাঁহৰ দলংখন ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে নিৰ্মাণ কৰিছিল এই দলংখন ৷

অন্য এক খবৰৰ বাবে:ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল ৰাফেল যুদ্ধ বিমান

কিন্তু পুথিমাৰী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাত পুনৰবাৰ ভাঙি যায় মথাউৰিটো ৷ যাৰ ফলত নিৰ্মীয়মান এই বাঁহৰ দলংখনৰ আধা অংশ উটি যায় ৷ ইয়াৰ পাছতে অঞ্চলবাসীয়ে উপায়ন্তৰ হৈ পুনৰবাৰ নিৰ্মাণ কৰে এখন বাঁহৰ সাঁকো ৷ ইফালে নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে বাঁহৰ সাঁকোখনৰ পৰা পৰি আঘাটপ্ৰাপ্ত হয় এটি শিশু ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎতপৰতাত কথমপি ৰক্ষা পৰে শিশুটিৰ প্ৰাণ ৷

প্ৰথমটো বানত উলুবাৰী-বিহাপাৰা পথটো ভাঙি গৈ নৈ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল । যাৰ বাবে এই অঞ্চল দুটাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল ৷ ইয়াৰ পাছতে ৰাইজে শ্ৰমদান আৰু গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল । কিন্তু পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱা বাবে এই বৃহত্তৰ অঞ্চলটো পুনৰ প্লাৱিত হৈ পৰে আৰু এই দলংখনৰ আধা অংশ উটি যায় ৷ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, বিভাগীয় কৰ্তৃপক্ষ অথবা প্ৰশাসনে যাতায়তৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বন্যাৰ্ত‌ই নিজে নিৰ্মাণ কৰি লৈছিল দলংখন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.