ৰঙিয়া,১ এপ্ৰিল: ৰাজ্যৰ ১৩ জিলাৰ ৩৯ টা সমষ্টিত পুৱাৰে পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । বিভিন্ন সমষ্টিত স্থাপন কৰা হৈছে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ । ৰঙিয়া সমষ্টিৰ তুলসীবাৰীত স্থাপন কৰা হৈছে ৰঙিয়াৰ একমাত্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ । ২৪ ঘণ্টাই বিদ্যুৎ সেৱা, বিশুদ্ধ খোৱাপানী, লঘু আহাৰ, চিকিৎসা সেৱা আদিকে ধৰি বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটোত ।
কেন্দ্ৰটোত মুঠ ৬ টা শাখা আছে, য'ত প্ৰায় পাঁচ হাজাৰ ভোটাৰ আছে । কেন্দ্ৰটোৰ সকলো প'লিং আৰু প্ৰিজাইডিং বিষয়া মহিলা । অৱশ্যে পুৱা বহু সময়লৈকে কেন্দ্ৰটোৰ দুটাকৈ ইভিএম বিকল হৈ আছিল । বহুলোকে ধৈৰ্য সহকাৰে ৰৈ আছিল যদিও একাংশই আঁতৰি যোৱা পৰিলক্ষিত হৈছিল ।
ইয়াৰ মাজতে বহু বৃদ্ধলোকেও শাৰী পাতি থকা পৰিলক্ষিত হৈছে কেন্দ্ৰটোত । অৱশ্যে হঠাৎ এগৰাকী ভোটাৰ অসুস্থ হৈ পৰাত কেন্দ্ৰটোত থকা স্বাস্থ্যকৰ্মীয়ে তেওঁক ততালিকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: ৰঙিয়াত উৰিল পাকিস্তানৰ পতাকা