ETV Bharat / state

'ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে বেল বাজি উঠিব পৌৰ সভাৰ কাৰ্যালয়ত '

author img

By

Published : May 12, 2020, 2:31 PM IST

'ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে বেল বাজি উঠিব পৌৰ সভাৰ কাৰ্যালয়ত'- এনেধৰণৰ এক আৰ্হিৰে স্বচ্ছতাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ এক উৎকৃষ্ট মডেল সাজি উলিয়াইছে ৰঙিয়াৰ প্ৰতিভাৱান ছাত্ৰ সমৰজ্যোতি ভাগৱতীয়ে ৷ আহকচোন চাও, এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন.....

rangia-12th-standard-student-innovation-on-cleanliness
স্বচ্ছতাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ এক উৎকৃষ্ট মডেল

ৰঙিয়া,12 মে' :ৰঙিয়াৰ প্ৰতিভাৱান ছাত্ৰৰ এক বিশেষ উদ্ভাৱন ৷ উদ্ভাৱনী শক্তিৰ পৰিচয় দি প্ৰতিভাৱান ছাত্ৰ সমৰজ্যোতি ভাগৱতীয়ে সাজি উলিয়াইছে স্বচ্ছতাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ এক উৎকৃষ্ট মডেল । ৰঙিয়াৰ ছাৰ্ছ স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সমৰজ্যোতিয়ে লক্ ডাউনৰ সময়খিনি সদব্যৱহাৰ কৰি স্বচ্ছতাৰ বাবে সহায়ক হোৱাকৈ কাৰিকৰী প্ৰযুক্তি সন্মত এই মডেল সাজি উলিয়াইছে। ইয়াৰ জৰিয়তে ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে পৌৰসভাৰ কাৰ্যালয়ত স্বয়ংক্ৰিয়ভাৱে সংকেত বাজিব। যাৰ দ্বাৰা কোন ঠাইৰ ডাষ্টবিনত কিমান জাৱৰ-জোঁথৰ জমা হয় , সেয়া এই কাৰিকৰী পদ্ধতিৰ দ্বাৰা সংশ্লিষ্ট বিষয়াই কাৰ্যালয়ত বহিয়েই জানিব পাৰিব। ঠিক তেনেদৰে ডাষ্টবিনত জাৱৰ নেপেলালে বিদ্যুৎ অথবা পানীৰ সংযোগ কাটি দিয়াৰ ব্যৱস্থা আছে এই পদ্ধতিটোত ৷

ইয়াৰ পূৰ্বে প্ৰতিভাৱান ছাত্ৰজনে কলকাতাত অনুষ্ঠিত বিজ্ঞানৰ প্ৰদৰ্শনী প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰিও বিজ্ঞানৰ বিভিন্ন প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাত ব্যতিক্ৰমী 'মডেল' প্ৰস্তুত কৰি সমৰজ্যোতিয়ে বহু কেইটা পুৰস্কাৰ লাভ কৰি প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়কঃন-প্ৰভাতৰ সুখৰ কিৰণ জানমণিৰ চোতালত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.