ৰঙিয়া,15 এপ্ৰিলঃ ৰঙিয়াৰ ভাৰতীয় ষ্টেট বেংকৰ চৌহদত আৰম্ভ হৈছে ৰঙালীৰ বিহু মেলা । চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ এই বিশেষ মেলাখন । চুঙা পিঠা, লাড়ু, চিৰা, দৈ, সান্দহ গুড়ি, কুঁহিয়াৰৰ দানা মিঠাই আদি বিভিন্ন ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰেৰে ভৰি পৰিছে ৰঙালী মেলাখন । বজাৰৰ তুলনাত থলুৱা আৰু উৎকৃষ্ট মানদণ্ডৰ সকলো খাদ্য উপলব্ধ চাৰিদিনীয়া ৰঙালী বিহু মেলাখনত ।
আৰম্ভণিৰে পৰা মেলাখনত গ্ৰাহকৰ ভীৰ পৰিলক্ষিত হৈছে । ৰঙালী বিহু মেলাখন বহু লোকৰ বাবে হৈ পৰিছে গাঁৱৰ ঘৰত উপলব্ধ হোৱা থলুৱা সামগ্ৰী । নিজে বনোৱাৰ পৰিবৰ্তে মেলাখনৰ পৰা উৎকৃষ্ট মানদণ্ডৰ সকলো উপলব্ধ হোৱাত উৎফুল্লিত হৈ পৰিছে গ্ৰাহকসকল ।
লগতে পঢ়কঃ বাক্সাৰ দিঘেলীত বিষহৰী পূজা সম্পন্ন