ETV Bharat / state

ৰঙিয়া-কাউৰবাহা সংযোগী পথৰ দুৰৱস্থা - মৰণফান্দত পৰিণত হৈছে ৰঙিয়া-কাউৰবাহা পথৰ ধেপাৰগাঁৱৰ অংশ

মৰণফান্দত পৰিণত হৈছে ৰঙিয়া-কাউৰবাহা পথৰ ধেপাৰগাঁৱৰ অংশ । নিতৌ এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত হৈ আছে অঞ্চলটোত । তাৰ পিছতো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ বিৰুদ্ধে । বৰ্তমান খৰালি কালত ধূলিৰে ভৰি পৰি মৰুভূমি সদৃশ পৰিৱেশ হয় উক্ত পথটোত । ৯ মাহ পূৰ্বে পুঠিমাৰী নৈৰ বানে খহাই নিয়াৰ পিছৰে পৰা বিধ্বস্ত অৱস্থাত আছে ৰঙিয়া-গোৰেশ্বৰ সংযোগী পথটো । বানপানীত ক্ষতিগ্ৰস্ত হোৱা পথটো ঠায়ে-ঠায়ে দ দ খাৱৈত পৰিণত হৈছে । ফলত প্ৰতিদিনে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই পথচোৱাত ।

ৰঙিয়া-কাউৰবাহা সংযোগী পথৰ দুৰৱস্থা
ৰঙিয়া-কাউৰবাহা সংযোগী পথৰ দুৰৱস্থা
author img

By

Published : Mar 26, 2021, 1:07 PM IST

কামৰূপ,২৬ মাৰ্চ: বিগত নিৰ্বাচনৰ পূৰ্বে কামৰূপ জিলাৰ ৰঙিয়াৰ ভিন্ন স্থানত বহুকেইটা জৰাজীৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰিছিল মন্ত্ৰী ভবেশ কলিতাই । পিছে আধাৰশিলা স্থাপনতেই শেষ হ'ল উন্নয়নৰ কাম । ৰঙিয়া-কাউৰবাহা সংযোগী পথৰ মেৰামতিৰ কাম শেষ হোৱাটো দূৰৰে কথা আজিলৈকে আৰম্ভণিয়েই নহ'ল পথচোৱাৰ কাম । যাৰ ফলত উক্ত পথচোৱাৰ দুৰৱস্থাৰ বাবে দৈনিক যমৰ-যাতনা ভুগিব লগা হৈছে হাজাৰ হাজাৰ ৰাইজে । ইয়াকে লৈ এতিয়া ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ।

মৰণফান্দত পৰিণত হৈছে ৰঙিয়া-কাউৰবাহা পথৰ ধেপাৰগাঁৱৰ অংশ । নিতৌ এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত হৈ আছে অঞ্চলটোত । তাৰ পিছতো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ বিৰুদ্ধে । বৰ্তমান খৰালি কালত ধূলিৰে ভৰি পৰি মৰুভূমি সদৃশ পৰিৱেশ হয় উক্ত পথটোত । ৯ মাহ পূৰ্বে পুঠিমাৰী নৈৰ বানে খহাই নিয়াৰ পিছৰে পৰা বিধ্বস্ত অৱস্থাত আছে ৰঙিয়া-গোৰেশ্বৰ সংযোগী পথটো । বানপানীত ক্ষতিগ্ৰস্ত হোৱা পথটো ঠায়ে-ঠায়ে দ দ খাৱৈত পৰিণত হৈছে । ফলত প্ৰতিদিনে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই পথটোৱাত ।

লগতে পঢ়ক: তেজপুৰত অনুজ মেচৰ শেষ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.