ETV Bharat / state

শিল্পীসকল ৰাজনীতিৰ পৰা মুক্ত থকাটো সকলোৰে বাবে মঙ্গলঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

author img

By

Published : Oct 12, 2020, 7:16 PM IST

বিধায়ক কলিতাই পশ্চিম গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব বুলি চৰ্চা চলা বাবু বৰুৱাক কটাক্ষ কৰি শিল্পী সকল ৰাজনীতিৰ পৰা মুক্ত হৈ থকাটো সকলোৰে বাবে মঙ্গল বুলি মন্তব্য কৰে ।

ramendra-narayan-kalita-says-on-babu-boruah
শিল্পী সকল ৰাজনীতিৰ পৰা মুক্ত থকাটো সকলোৰে বাবে মঙ্গলঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

আজাৰা, 12 অক্টোবৰ: ৰাজ্যৰ ৰাজনীতিত এতিয়া উজান উঠিছে শিল্পীৰ । বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে বহু কেইজন শিল্পীয়ে । এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে অগপ নেতা তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

সোমবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ ধাৰাপুৰ দুৰ্গা মন্দিৰত অনুষ্ঠিত বাৰ্ষিক অধিবেশনত এই মন্তব্য আগবঢ়ায় বিধায়ক কলিতাই । আগন্তুক নিৰ্বাচনক লৈ অগপ দলৰ স্থিতি অঞ্চলটোত অধিক টনকিয়াল কৰাৰ বাবে সকলো কৰ্মীক নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ আহ্বান জনায় ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । লগতে এই বাৰ্ষিক অধিৱেশনতেই পুৰ্বৰ কমিটিখন ভংগ কৰি পুনৰ ধাৰাপুৰ আঞ্চলিক অগপৰ অন্তৰ্গত মহিলা কমিটি,যুৱ কমিটি গঠন কৰি দিয়া হয় ।

বিধায়ক কলিতাই পশ্চিম গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব বুলি চৰ্চা চলা বাবু বৰুৱাক কটাক্ষ কৰি শিল্পী সকল ৰাজনীতিৰ পৰা মুক্ত হৈ থকাটো সকলোৰে বাবে মঙ্গল বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : বিধানসভা নিৰ্বাচন:ছিপাঝাৰত কোনে পাব টিকত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.