গুৱাহাটী, 12 মাৰ্চ: 14 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ দেওবাৰে দিল্লীৰ পৰা পোনে পোনে তেজপুৰত উপস্থিত হ’ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ দেওবাৰে দিনৰ 11.30 বজাত বিশ্বনাথ চাৰিআলিত এক জনসভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতেই গহপুৰ আৰু দেৰগাঁৱতো ৰাজহুৱা সভাত অংশ ল’ব ৰাজনাথ সিঙে ৷ ইয়াৰ পিছতেই বিয়লি 4.20ত পুনৰ দিল্লীলৈ উৰা মাৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং ৷
উল্লেখ্য যে, 13 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীও ৷ মৰিয়নী, শিৱসাগৰ আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ইতিমধ্যে দলৰ তৰফৰ পৰা দুয়োগৰাকী কেন্দ্ৰীয় নেতাৰে অসম ভ্ৰমণ নিশ্চিত কৰা হৈছে ৷
লগতে পঢ়ক-13 মাৰ্চত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণী