ETV Bharat / state

FIR against Assam CM: ৰঙিয়া আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাইজৰ দলৰ উপ সভাপতিৰ

author img

By

Published : Jul 19, 2023, 5:24 PM IST

মুখ্যমন্ত্ৰীয়ে মিঞা চাফা কৰি দিম বুলি কোৱা বিতৰ্কিত মন্তব্যৰ বিৰোধিতা কৰি বুধবাৰে ৰঙিয়া আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে ৷

FIR against CM Himanta Biswa sarma
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল

ৰঙিয়া, 19 জুলাই :"মুখ্যমন্ত্ৰীয়ে এতিয়া নতুনকৈ আকৌ মিঞা বিদ্বেষৰ নামত হিন্দু মুছলিমৰ সংঘাতৰ মাজেৰে অসমীয়া জাতিটোলৈ সৰ্বনাশ মাতি আনিবলৈ বিচাৰিছে ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ কাৰণে আজি আমি এজাহাৰ দাখিল কৰিছো ৷ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি অসমীয়া থলুৱা জনগোষ্ঠী, অসমীয়া মানুহক ৰাজনৈতিক প্ৰতিনিধিত্বৰ পৰা বঞ্চিত কৰিছে ৷ বহিৰাগত সন্দেহজনক বিদেশীৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিবলৈ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ বিৰুদ্ধে অসমৰ লোক ঐক্যবদ্ধ হৈছে, 126 টা সমষ্টিত জোৰ জবৰদস্তিকৈ জাপি দিয়া চক্ৰান্তমূলক খচৰাখনৰ বিৰোধিতাৰে অসমৰ মানুহ প্ৰতিবাদমূখৰ হৈ পৰিছে ৷" এই মন্তব্য ৰাইজৰ দলৰ উপ-সভাপতি হৰেশ্বেৰ বৰ্মনৰ ৷

মুখ্যমন্ত্ৰীয়ে মিঞা চাফা কৰি দিম বুলি কোৱা বিতৰ্কিত মন্তব্যৰ বিৰোধিতা কৰি বুধবাৰে ৰঙিয়া আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৰাইজৰ দলৰ উপ-সভাপতি হৰেশ্বৰ বৰ্মনে ৷

হৰেশ্বৰ বৰ্মনৰ লগতে কয় যে, মানুহক বিভক্ত কৰাৰ বাবে পৰাম্পৰাগতভাৱে মুখ্যমন্ত্ৰীয়ে যিটো ৰাজনীতি কৰে, বিজেপি দলে যিটো ৰাজনীতি কৰে, সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি, মুছলীম বিদ্বেষৰ ৰাজনীতি, সেই ৰাজনীতিৰ ধাৰাবাহিকতাৰ এটা অংশ ৰাইজে দেখা পাইছে ৷ মিঞা খেদিবলৈ তেওঁ উজনি অসমৰ পৰা ডেকা ল’ৰা আনিব ৷ গতিকে এই ধৰণৰ বিষাক্ত ৰাজনীতি এটা শাস্তিযুক্ত অপৰাধ ৷

এই ধৰণৰ ৰাজহুৱা মন্তব্য, এই ধৰণৰ হিংসা বিয়পোৱাৰ ষড়যন্ত্ৰ কৰাজন যিয়েই নহওক, যদি এই ধৰণৰ অপৰাধত লিপ্ত হয় তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে হৰেশ্বৰ বৰ্মনে ৷

লগতে পঢ়ক: Constituency Delimitation 2023: আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্রত নিৰ্বাচন আয়োগৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.