ETV Bharat / state

পুনৰ মুকলি কৰা হৈছে লকডাউনৰ ফলত বন্ধ হৈ থকা ৰাজহুৱা শৌচাগাৰ

লকডাউন শিথিল হোৱাৰ পাছতে মুকলি কৰি দিয়া হৈছে ৰাজহুৱা শৌচাগাৰসমূহ ৷ পুনৰ মুকলি হোৱাৰ পাছত শৌচাগাৰসমূহত চেনিটাইজেচনৰ ব্যৱস্থা কৰাৰ লগতে ব্যৱস্থা কৰা হৈছে হাত ধোৱা চাবোনৰ ৷

public toiltets reopents after relaxation of lockdown
পুনৰ মুকলি কৰা হৈছে লকডাউনৰ ফলত বন্ধ হৈ থকা ৰাজহুৱা শৌচাগাৰ
author img

By

Published : Dec 13, 2020, 12:15 PM IST

ৰঙিয়া, 13 ডিচেম্বৰ: ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ঘোষিত লকডাউনৰ সময়ছোৱাত বন্ধ কৰি ৰখা ৰাজহুৱা শৌচাগাৰসমূহ ৰাইজৰ সুবিধাৰ্থে পুনৰ মুকলি কৰি দিয়া হৈছে ৷ ক'ভিড আতংকৰ সময়ত দেশজুৰি ঘোষিত লকডাউনৰ সময়ছোৱাত অন্যান্য প্ৰতিষ্ঠানৰ লগতে ৰাজহুৱা শৌচাগাৰসমূহো বন্ধ কৰি ৰখা হৈছিল ৷ বৰ্তমান লকডাউন শিথিল কৰি দিয়াৰ পাছতে বিশেষ স্বাস্থ্যবিধি মানি উক্ত শৌচাগাৰ সমূহ পুনৰ মুকলি কৰি দিয়া হৈছে ৷

লকডাউন শিথিল হোৱাৰ পাছতে ৰাজহুৱা শৌচাগাৰসমূহ মুকলি কৰি দিয়া হৈছে

শৌচাগাৰ সমূহ মুকলি কৰি দিয়াৰ সমান্তৰালকৈ ছেনিটাইজেচনৰ ব্যৱস্থা কৰাৰ লগতে হাত ধোৱা চাবোনৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি এনেদৰে ৰাজহুৱা শৌচাগাৰ সমূহ বন্ধ কৰি ৰখাৰ ফলত অন্যন্য লোকৰ লগতে বিশেষকৈ মহিলা সকল বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছিল ৷ ইফালে অন্য ঠাইৰ ৰাজহুৱা শৌচাগাৰসমূহ ইতিমধ্যে মুকলি কৰি দিলেও ৰঙিয়াৰ ভুটান বাছ আস্থানত থকা ৰাজহুৱা শৌচাগাৰটো এতিয়ালৈকে মুকলি কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ লগতে সিদ্ধিনাথ শৰ্মা চৰকাৰী চিকিৎসালয়ৰ ওচৰত থকা শৌচাগাৰটো দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰাৰ ফলত মেৰামতি সম্পন্ন নোহোৱাৰ বাবে এতিয়াও ৰাইজে ব্যৱবাৰ কৰিব পৰা নাই ৷

লগতে পঢ়ক:জৰাজীৰ্ণ অৱস্থাত জয়ন্তীপুৰ পশু চিকিৎসা উপকেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.