ETV Bharat / state

ৰাজ্যত এতিয়াও ঠায়ে ঠায়ে বন্ধ ৰাজহুৱা শৌচাগাৰ

author img

By

Published : Dec 14, 2020, 9:50 PM IST

ৰাজ্যত এতিয়াও বন্ধ হৈ আছে বহু ৰাজহুৱা শৌচাগাৰ ৷ কৰ’বাত যদি মেৰামতি সম্পূৰ্ণ নোহোৱা বাবে শৌচাগাৰ বন্ধ ৰাখা হৈছে কৰ’বাত আকৌ ৰাজহুৱা শৌচাগাৰসমূহ দুৰ্বৃত্তই লণ্ড ভণ্ড কৰাৰ অভিযোগ ৷

As_public-toilets-are-still-not-working-at-several-parts-of-the-state_vis
ৰাজ্যত এতিয়াও ঠায়ে ঠায়ে বন্ধ ৰাজহুৱা শৌচাগাৰ

নিউজ ডেস্ক,14 ডিচেম্বৰ : ক’ভিড আতংকৰ সময়ত ঘোষিত লকডাউনৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৷ সমান্তৰালকৈ বন্ধ কৰি দিয়া হৈছিল ৰাজহুৱা শৌচাগাৰসমূহো ৷ কিন্তু লক ডাউন শিথিল কৰাৰ পিছত ৰাজ্যত পুনৰ মুকলি কৰা হৈছে ৰাজহুৱা শৌচাগাৰসমূহ ৷ ৰাজহুৱা শৌচাগাৰসমূহ বন্ধ হৈ থকাৰ সময়ত ৰাইজৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল বিশেষকৈ মহিলা সকলৰ ৷ এতিয়া পুনৰ মুকলি হোৱাৰ পিছত শৌচাগাৰ সমূহত ক‘ভিড 19ৰ বাবে ছেনিটাইজেশ্যনৰ লগতে হাতধোৱা চাবোন আদিৰ ব‍্যৱস্থা কৰা হৈছে ।

কিন্তু ইয়াৰ মাজতে ৰাজ্যত এতিয়াও বন্ধ হৈ আছে বহু ৰাজহুৱা শৌচাগাৰ ৷ কৰ’বাত যদি মেৰামতি সম্পূৰ্ণ নোহোৱা বাবে শৌচাগাৰ বন্ধ ৰাখা হৈছে কৰ’বাত আকৌ ৰাজহুৱা শৌচাগাৰসমূহ দুৰ্বৃত্তই লণ্ড ভণ্ড কৰাৰ অভিযোগ ৷ ইয়াৰ মাজতে তেজপুৰ পৌৰ সভাই আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই নৱ নিৰ্মিত ৰাজহুৱা শৌচাগাৰ ৷ আনহাতে, তেজপুৰ অসম ৰাজ্যিক বাছ আস্থানৰ ৰাজহুৱা শৌচাগাৰটো পৰিস্কাৰ পৰিচ্ছন্নভাৱে চলাই নিজে এজন চাফাই কৰ্মীয়ে ৷

একদৰে ৰঙিয়াৰ ভূটান বাছ আস্থানত থকা ৰাজহুৱা শৌচাগাৰটো এতিয়ালৈকে মুকলি কৰা হোৱা নাই । চহৰখনৰ আন এটি ৰাজহুৱা শৌচাগাৰৰো মেৰামতিক কাম সম্পূৰ্ণ নোহাৱাত ৰাইজে ব্যৱহাৰ কৰিব পৰা নাই ৷ সমান্তৰালকৈ নগাঁৱত ৰাজহুৱা শৌচাগাৰসমূহ মুকলি হৈছে যদিও শৌচাগাৰসমূহ পৰিস্কাৰ কৰি নৰখাৰ অভিযোগ ৰাইজৰ ৷ মুঠতে লক ডাউনৰ পিছত ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা এই ৰাজহুৱা শৌচগাৰসমূহ পুনৰ মুকলি কৰা হৈছে যদিও প্ৰয়োজনত ইয়াক ব্যৱহাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে সাধাৰণ ৰাইজ ৷

লগতে পঢ়ক-5 গৰাকী সদস্যৰ শপত গ্ৰহণৰে গঠিত হ'ব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.