কামৰূপ,25 জুলাইঃ শোচনীয় বাট পথৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে ছয়গাঁও সমষ্টিৰ বৃহত্তৰ বালাসিদ্ধি গাঁৱৰ গঞা ৰাইজে ৷ যাৰ বাবে ক্ষোভিত ৰাইজে শনিবাৰে শোচনীয় পথৰ ওপৰত ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে ৷ স্থানীয় শতাধিক পুৰুষ মহিলা শনিবাৰে ৰাজপথলৈ ওলাই আহি বালাসিদ্ধি গাঁৱৰ দুটা শোচনীয় পথৰ ওপৰত ভূঁই ৰুই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে,ছয়গাঁও সমষ্টিৰ এখন বৃহৎ গাঁও হ’ল ২নং বালাসিদ্ধি গাঁও ৷ গাঁওখনৰ সোঁমাজেৰে গৈছে গড়কাপ্তানী বিভাগৰ পকী পথটো ৷ কিন্ত গাঁওখনৰ অৰ্থাৎ পকী পথৰ সোঁফালে বাস কৰে গাঁওখনৰ অধিক সংখ্যক লোক ৷ বৃহত্তৰ গাঁওখনৰ ভিতৰত বাস কৰা লোক সকল আহ যাহ কৰা বাবে তিনিটা দীঘলীয়া পথ আছে ৷ কিন্তু এই তিনিওটা পথৰ বিগত বছৰ বছৰ ধৰি কোনো মেৰামতি বা পকীকৰণৰ ব্যৱস্থা নকৰাৰ ফলত পথ কেইটা একেবাৰে শোচনীয় হৈ পৰিছে ৷ বিশেষকৈ বাৰিষা কালত পথ কেইটাৰে আহ যাহ কৰাৰ বাবে একেবাৰে দুৰূহ হৈ পৰে ৷ বাৰিষা সময়ত পথকেইটাৰে গাড়ী,মটৰ বা চাইকেল বাদেই মানুহ খোজকাঢ়িও যাব নোৱাৰ অৱস্থাৰ সৃষ্টি হয় ৷ যাৰ ফলত এতিয়া অঞ্চলটোৰ সহস্ৰাধিক লোকে পথ তিনিটাৰ নামত যমৰ যাতনা ভোগ কৰি আহিছে ।
উক্ত পথকেইটা যাতায়তৰ বাবে সুচল কৰাৰ বাবে কোনো এখন চৰকাৰৰ প্ৰতিনিধিয়েই ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে ৷ ছয়গাঁও গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰত কেইবাবাৰো আবেদন নিবেদন জনোৱাৰ পিচতে পঞ্চায়তৰ তৰফৰ পৰাও একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে জানিবলৈ দিছে ৷ ৰাইজে জানিবলৈ দিয়া মতে উক্ত পথ তিনিটাৰে বৃহত্তৰ বালাসিদ্ধি সাতপাৰা ৰাইজৰ কৃষক সকলে খেতি পথাৰলৈ যোৱাৰ লগতে গৰু ছাগলীও এৰাল দিবলৈ যায় ৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে প্ৰতিনিধি সকলে নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ ভোট খুজিব যায় কিন্ত নিৰ্বাচনৰ পিচত ৰাইজলৈ পিঠি দিয়ে ৷ উল্লেখযোগ্য যে ,উক্ত স্থানত বালাসিদ্ধি সাতপাৰা ৰাইজৰ হানা আতা গোঁসাইঘৰ,কালী মন্দিৰকে ধৰি কেইবাটাও ধৰ্মীয় অনুষ্ঠান আছে যদিও পথছোৱাৰ বাবে ৰাইজে ধৰ্মীয় অনুষ্ঠানলৈ যাব নোৱাৰে ৷ আনহাতে তাত এটি অংগনবাড়ী কেন্দ্ৰও আছে যদিও বাৰিষাৰ সময়ত পথৰ দুৰৱস্থাৰ বাবে শিশু সকল অংগনবাড়ী কেন্দ্ৰলৈ যাব নোৱাৰে ৷ আনকি উক্ত পথটোৰে আহ যাহ কৰাৰ সময়ত এটি শিশু পথটোত পৰি আঘাতপ্ৰাপ্ত হোৱা বুলিও ৰাইজে জানিবলৈ দিয়ে ৷ সেয়েহে স্থানীয় ৰাইজে অতি শীঘ্ৰে উক্ত পথ তিনিটা নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজৰ বাবে যাতায়ত সুচল কৰি তোলাৰ বাবে চৰকাৰ তথা পঞ্চায়ত প্ৰতিনিধি সকলক অনুৰোধ জনাইছে ৷
লগতে পঢ়কঃ ছবি আঁকি উপাৰ্জন কৰা ধন বানাক্ৰান্তলৈ আগবঢ়ালে আমগুৰিৰ যুৱকে