ETV Bharat / state

ৰঙিয়াত অৰ্ধনিৰ্মিত দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা - বাঁহৰ দলং

ৰঙিয়াত অৰ্ধনিৰ্মিত দলঙৰ বাবে সমস্যাত ভুগিছে স্থানীয় লোকে ৷ লোহাৰ ৰেলিঙেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিব লগীয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকে ৷ আধাতেই নিৰ্মাণ সামৰিলে ঠিকাদাৰে ৷

bridge
bridge
author img

By

Published : Nov 4, 2020, 11:45 AM IST

ৰঙিয়া, 4 নবেম্বৰ : এখন দলঙে জলা-কলা খুৱাইছে ৰঙিয়া চহৰবাসীক ৷ চহৰখনৰ মাজমজিয়াৰ শিৱ মন্দিৰ ৰোডৰ পৰা শ'লমাৰীলৈ যোৱা পথত বৰলীয়া নৈৰ ওপৰত আছে এই অৰ্ধনিৰ্মিত দলংখন ৷ দীৰ্ঘদিন ধৰি দলংখনৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকা বাবে ৰাইজৰ যাতায়তৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, কাঠৰ সলনি পকী দলং নিৰ্মাণৰ বাবে প্ৰায় এবছৰ পূৰ্বে কাঠৰ দলংখন ভাঙি পেলোৱা হৈছিল । কিন্তু কাম আৰম্ভ কৰি সামান্য অগ্ৰগতি লাভৰ পিছতেই বিভিন্ন অজুহাতত দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰখা হৈছে ।

bridge
অৰ্ধনিৰ্মিত দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা

প্ৰথমাৱস্থাত ৰাইজৰ সুবিধাৰ্থে নিৰ্মীয়মান দলঙৰ সমীপত এখন বাঁহৰ দলং নিৰ্মাণ কৰা হৈছিল । কিন্তু বৰলীয়া নৈৰ প্ৰবল সোঁতত বাঁহৰ দলংখন উটি যায় । ইয়াৰ পিছত দায়িত্বহীনভাৱে নিৰ্দিষ্ট ঠিকাদাৰে নিৰ্মীয়মান দলঙৰ ওপৰতেই সাঁকো সদৃশ লোহাৰ ৰেলিঙ পাৰি দি যাতায়তৰ ব্যৱস্থা কৰি দিয়ে । বিদ্যালয় আৰু মহাবিদ‍্যালয় সমুহ খোলাৰ পিচত এতিয়া এই সাঁকো সদৃশ দলঙেৰে অতি বিপজ্জনকভাৱে ছাত্ৰ-ছাত্ৰী সকলে খোজকাঢ়ি অহা-যোৱা কৰি আহিবলৈ বাধ্য হৈছে ।

ইয়াৰ লগতে নিতৌ কাৰ্যালয়লৈ অহা-যোৱা কৰা চাকৰিয়ালৰ লগতে সাধাৰণ ৰাইজৰো যথেষ্ট অসুবিধা হৈছে দলংখনৰ বাবে। উল্লেখযোগ্য যে দলংখনৰ মূৰতেই আছে ৰঙিয়াৰ সাপ্তাহিক বজাৰখন । অসম্পূৰ্ণ দলংখনেৰে গাড়ী-মটৰৰ চলাচল কৰিব নোৱাৰা বাবে নৈখনৰ দুয়োপাৰৰ ব্যৱসায়ী সকলো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক : বন্যহস্তীৰ তাণ্ডৱ : খেতি বচাবলৈ গঞাই সাজিছে টঙিঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.