ৰঙিয়া, 28 ছেপ্টেম্বৰঃ ৰঙিয়াত চৰকাৰলৈ বাট নাচাই ৰাইজে নিজেই সাঁজিলে বাঁহৰ দলং ৷ ৰঙিয়াৰ পুঠিমাৰী নৈৰ ওপৰত বৰদল আৰু মধুকুছি সংযোগী দলংখন আজিকোপতি হৈ নুঠিল ৷ যাতায়তৰ নামত দুৰ্ভোগ ভুগি থকা অঞ্চলটোৰ ৰাইজে জনোৱা অনুসৰি তেওঁলোকে বিভিন্ন সময়ত জনপ্ৰতিনিধি আৰু চৰকাৰক দলং নিৰ্মাণৰ বাবে আবেদন জনাইছিল আজিকোপতি গুৰুত্ব নিদিলে চৰকাৰ অথবা জনপ্ৰতিনিধিয়ে ৷
ইমানেই নহয়, নৈৰ খনৰ ওপৰত সংযোগী দলং নথকাৰ বাবে বছৰ-বছৰ ধৰি বৰদল আৰু মধুকুছিৰ ৰাইজে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে ৷ অভিযোগ অনুসৰি তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ এখন দলং নিৰ্মাণ কৰাৰ বাবে আবেদন-নিবেদন কৰি আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ যাৰ ফলত শিশুৰ পৰা মহিলা-বৃদ্ধলৈকে সকলোৱে দুৰ্ভোগ ভুগি যাতায়ত কৰি আহিছে ৷ উপায়বিহীন হৈ আজি গাঁওবাসীয়ে নিজেই কোনোমতে চলিব পৰাকৈ এখন বাঁহৰ দলং নিৰ্মাণ কৰে ৷ উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি ৰাইজে নৈৰ ওপৰত বাঁহৰ দলং সাঁজি আহিছে যদিও বাৰিষাৰ ধল অহাৰ লগে লগে দলং খন নৈৰ পানীত প্ৰতিবাৰেই উটি যায় ৷