ETV Bharat / state

চাৰিওফালে দুৰ্গা পূজাৰ আনন্দ, ঢেপাৰগাঁৱৰ ৰাইজ ব্যস্ত বাঁহৰ সাকোঁ নিৰ্মাণত - Transportation problem in Rangia

কামৰূপ জিলাৰ ৰঙিয়াত ঢেপাৰগাঁৱৰ ৰাইজে পূজাৰ মণ্ডপলৈ যোৱাৰ পৰিৱৰ্তে যাতায়তৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিছে বাঁহৰ সাঁকো (Public built bamboo bridge)। নিজৰ হাতৰ ধন খৰচ কৰি ৰাইজে নিৰ্মাণ কৰিছে প্ৰায় ২০০ ফুট দৈৰ্ঘৰ সাঁকোখন । বানবিধ্বস্ত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰক দাবী ৰাইজৰ ।

Rangia
ঢেপাৰগাঁৱৰ ৰাইজ ব্যস্ত বাঁহৰ সাকোঁ নিৰ্মাণত
author img

By

Published : Oct 1, 2022, 12:48 PM IST

ৰঙিয়া,১ অক্টোবৰ : ৰাজ‍্যৰ চৌদিশে এতিয়া দুর্গা পূজাৰ আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে (Durga Puja 2022)। মাৰ আশীষ লোৱাৰ উদ্দেশ্যে ভক্তসকলে ভিৰ কৰিছে পূজা মণ্ডপত । কিন্তু ৰঙিয়াৰ ঢেপাৰগাঁৱৰ ৰাইজে পূজাৰ মণ্ডপৰ সলনি বাঁহৰ সাঁকো নিৰ্মাণত হে ব্যস্ত (Public built bamboo bridge in Rangia)। ঢেপাৰগাঁৱৰ বড়ো চুবাৰ ৯৩ টা পৰিয়ালে যোৱা তিনিদিনৰ পৰা সাঁকোখনৰ নিৰ্মাণৰ লগত জড়িত হৈ আছে ।

চৰকাৰলৈ বাট চাই আমনি লগাত অৱশেষত গঞাই নিজেই সাঁকোখন নিৰ্মাণৰ চেষ্টা কৰিছে যাতে পূজাৰ বতৰত অন্ততঃ অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত কিছু হ'লেও সকাহ লাভ কৰে (Transportation problem in Rangia)। অঞ্চলটোৰ প্ৰতি ঘৰ লোকে নিজৰ ঘৰৰ বাঁহ, খেৰ, ৰছী দিছে আৰু ৰাজহুৱাকৈ প্ৰায় ২০০ ফুট দীঘল বাঁহৰ সাঁকোখন সাজি উলিয়াইছে । প্ৰখৰ ৰ'দকো নেওচি ৰাইজে গড়কাপ্তানি পথটোৰ ওপৰত নিজেই সাঁকোখন সাজি উলিয়াইছে ।

চাৰিওফালে দুৰ্গা পূজাৰ আনন্দ, ঢেপাৰগাঁৱৰ ৰাইজ ব্যস্ত বাঁহৰ সাকোঁ নিৰ্মাণত

স্থানীয় লোকে জনোৱা মতে ৰঙিয়াৰ ধেপাৰগাঁও-বগৰীবাৰী সংযোগী এই গড়কাপ্তানি পথটো যোৱা ১৬ জুনত বানে খহাই লৈ গৈছিল । বানে গড়কাপ্তানি পথটোৰ প্ৰায় ২০০ ফুট অংশ খহাই নিয়াৰ লগে লগে যাতায়তৰ ক্ষেত্ৰত প্ৰচণ্ড অসুবিধাৰ সন্মুখীন হৈছিল অঞ্চলটোৰ ৰাইজ । বানৰ পিছৰ পৰাই দুয়োপাৰৰ ৰাইজে যাতায়তৰ নামত যান্ত্ৰণা ভূগি আহিছিল ।

উল্লেখ্য যে ২০২০ চনতো সেই একেটা স্থানতেই পথটোৰ এটা অংশ বানে খহাই লৈ গৈছিল (Flood effects Rangia)। সেই বছৰত ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়তৰ বাবে সাজি উলিয়াইছিল এখন বাঁহৰ সাঁকো । কিন্তু পুনৰবাৰ একে স্থানতে বানপানীয়ে সাঁকোসহ গড়কাপ্তানি পথটোৰ বৃহৎ অংশ উটুৱাই লৈ যোৱাৰ ফলত অঞ্চলটোত যান-বাহনৰ যাতায়ত বন্ধ হৈ পৰিছিল । বিশেষকৈ শিক্ষাৰ্থীসকলৰ লগতে নিতৌ কৰ্মস্থলীলৈ যাতায়ত কৰা লোকসকলে অন‍্য পথ বা কলৰ ভূৰেৰে যাত্ৰা কৰিবলৈ বাধ্য হৈছিল ।

লগতে অঞ্চলটোলৈ এম্বুলেন্সকে ধৰি জৰুৰীকালীন সেৱাৰ বাহন যাব নোৱাৰাৰ বাবে ৰাইজ বিভিন্ন ধৰণে বঞ্চিত হ'ব লগা হৈছে । সেয়ে চৰকাৰলৈ আৰু অপেক্ষা নকৰি স্থানীয় ৰাইজে নিজেই পথটোৰ ভগ্ন অংশটোত বাঁহৰ সাঁকো সাজি উলিয়াছে । ইফালে অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ অঞ্চলবাসীয়ে চৰকাৰলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :অবৈধ পাহাৰ খননৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.