ETV Bharat / state

দক্ষিণ কামৰূপত CAA বিৰোধী জন জাগৰণঃ কি কলে সাংবাদিক অজিত কুমাৰ ভৃঞাই ? - CAA ৰ বিৰোধীতাৰে দক্ষিণ কামৰূপৰ ৰামপুৰত জন জাগৰণ

আনহাতে এই প্ৰতিবাদী সভাত শিল্পী সমাজৰ তৰফৰ পৰা লগতে নাট্যকাৰ, অভিনেতা হিমাংশু প্ৰসাদ দাস সহিতে এটি নাট্যদলে এই আইনখন গৃহীত হ'লে ভৱিষ্যতত কি পৰিস্থিতিৰ সৃষ্টি হ'ব এই বিষয়ে নাট্যঅভিনয়ৰ জড়িয়তে প্ৰতিবাদী ৰাইজৰ সন্মুখত উপস্থাপন কৰে ।

ৰামপুৰত  CAA বিৰোধী জন জাগৰণ
ৰামপুৰত CAA বিৰোধী জন জাগৰণ
author img

By

Published : Jan 12, 2020, 7:33 PM IST

কামৰূপ, 12 জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ লগতে দেশত অব্যাহত আছে উত্তাল প্ৰতিবাদ । কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'CAA' বলবৎ কৰিবলৈ ৰাজপত্ৰিকাযোগে নিৰ্দেশ দিছে যদিও বৰ্তমানেও আইনখন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ হৈ আছে সমগ্ৰ ৰাজ্য । ইয়াৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু দক্ষিণ কামৰূপ 'CAA' বিৰোধী মঞ্চৰ উদ্যোগত ৰামপুৰত আয়োজন কৰা হৈছে এক জনজাগৰণ সভা ।

লগতে পঢ়ক: ই টিভি EXCLUSIVEঃ অমিত শ্বাহৰে বৈঠক অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ

দেওবাৰৰ এই প্ৰতিবাদী মঞ্চত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই অংশগ্ৰহণ কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে আৰ এছ এছ, বিজেপিলে ভয় নকৰো কিয়নো পূৰ্বতেও জাতিৰ বাবে ৫ বাৰ জেললৈ যোৱা বুলি মঞ্চতে মন্তব্য কৰে । ভৱিষ্যতেও অসমৰ সকলো লোকক একত্ৰিত হৈ জাতিৰ ৰক্ষাৰ এই আন্দোলন তীব্ৰতৰ কৰিবলৈ আহ্বান জনাই । আনহাতে এই প্ৰতিবাদী সভাত শিল্পী সমাজৰ তৰফৰ পৰা লগতে নাট্যকাৰ, অভিনেতা হিমাংশু প্ৰসাদ দাস সহিতে এটি নাট্যদলে এই আইনখন গৃহীত হ'লে ভৱিষ্যতত কি পৰিস্থিতিৰ সৃষ্টি হ'ব এই বিষয়ে নাট্যঅভিনয়ৰ জড়িয়তে প্ৰতিবাদী ৰাইজৰ সন্মুখত উপস্থাপন কৰে । এই সভাত ৰামপুৰবাসী ৰাইজৰ লগতে বহুতো দল-সংগঠনে অংশগ্ৰহন কৰে ।

Intro:দক্ষিণ কামৰূপৰ ৰামপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা জন জাগৰণ সভাত হঠাৎ অঘটন ! অসমীয়া লোককে প্ৰহাৰ কৰি মুখৰ পৰা ওলালে বঙালী,হিন্দী ভাষা যাৰ বাবে মঞ্চতে সৃষ্টি হ'ল অপ্ৰিতিকৰ পৰিস্থিতি । প্ৰকৃততে হৈছিল কি শেষলৈকে চাওক ।
Body:Vo...নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ লগতে দেশত অব্যাহত আছে উত্তাল প্ৰতিবাদ । কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলবৎ কৰিবলৈ ৰাজপত্ৰিকাযোগে নিৰ্দেশ দিছে যদিও বৰ্তমানেও আইনখন বাতিলৰ দাবীত প্ৰতিবাদমুখী হৈ আছে সমগ্ৰ ৰাজ্য । ইয়াৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু দক্ষিণ কামৰূপ কা বিৰোধী মঞ্চৰ উদ্যোগত ৰামপুৰত আয়োজন কৰা হৈছে এক জনজাগৰণ সভা । এই সভাত ৰামপুৰবাসী ৰাইজৰ লগতে বহুতো দল-সংগঠনৰ অংশগ্ৰহন কৰে । আজিৰ এই প্ৰতিবাদী মঞ্চত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাও অংশ গ্ৰহন কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে আৰ এছ এছ,বিজেপিলে ভয় নকৰো কিয়ণো পুৰ্বতেও জাতিৰ বাবে ৫ বাৰ জেললৈ যোৱা বুলি মঞ্চতে মন্তব্য কৰে । ভৱিষ্যতেও অসমৰ সকলো লোকক একত্ৰিত হৈ জাতিৰ ৰক্ষাৰ এই আন্দোলন তীব্ৰতৰ কৰিবলৈ আহ্বান জনাই ।

Bite ..অজিত ভূঞা,বিশিষ্ট সাংবাদিক ।

আনহাতে এই প্ৰতিবাদী সভাত শিল্পী সমাজৰ তৰফৰ পৰা বৈকুন্ঠ দাসে অংশগ্ৰহন কৰে ।লগতে নাট্যকাৰ,অভিনেতা হিমাংশু প্ৰসাদ দাস সহিতে এটি নাট্যদলে এই আইনখন গৃহীত হ'লে ভৱিষ্যতত কি পৰিস্থিতিৰ সৃষ্টি হ'ব এই বিষয়ে নাট্যঅভিনয়ৰ জড়িয়তে প্ৰতিবাদী ৰাইজৰ সন্মুখত উপস্থাপন কৰে । মঞ্চত চলি থকা অনুষ্ঠানৰ মাজতে হঠাৎ এজন অসমীয়া লৰাই অসমীয়া কোৱাৰ বাবে কি পৰিস্থিতিৰ সন্মুখীন হ'বলগা হয় তাক লৈ দেখুওৱা নাটখনে হঠাৎ সকলোৰে চকু মেল খোৱাই তুলিলে ।Conclusion:কিয়ণো নাটখন এনে এটা সময়ত আৰম্ভ হৈছিল যিটো সময়ত প্ৰতিবাদী লোকে এই নাটখন সচা বুলি ভাবি পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ বাবে চেষ্টা চলাইছিল ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.