ETV Bharat / state

পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ ৰঙিয়াত - ৰঙিয়াত পথ অবৰোধ

পথ মেৰামতিৰ প্ৰতিশ্ৰুতিৰে পাঁচমাহ আগতেই ঠিকাদাৰে ভাঙি পেলালে ৰঙিয়াৰ গৰকা-দীপ্তেশ্বৰী পথ ৷ সেই পথেৰে যাব লগা হ'লে অধিক ভাড়া বিচাৰে যাত্ৰীবাহী বাহনে ৷ বিধায়ক ভবেশ কলিতাৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

মেৰামতিৰ প্ৰতিশ্ৰুতিৰে পাঁচমাহ আঘতেই ঠিকাদাৰে ভাঙি পেলালে পথঃৰাইজৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Oct 19, 2019, 5:44 PM IST

ৰঙিয়া,19 অক্টোবৰঃ শোচনীয় পথ পুনৰ নিৰ্মাণৰ দাবীত ৰঙিয়াত পথ অৱৰোধ স্থানীয় ৰাইজৰ ৷ ৰঙিয়াৰ গৰকা-দীপ্তেশ্বৰী পথটো 2019 চনৰ জুন মাহত নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰজনে নিৰ্মাণৰ সুবিধাৰ বাবে ভাঙি পেলায় ৷ কিন্তু পথটো ভঙাৰ পাঁচমাহ পিছতো আজিকোপতি পুনৰ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে ৷ বাৰিষা একাঁঠু বোকা আৰু খৰালি ধূলি বালিৰে পোত খাই থকা পথটোৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷ উল্লেখযোগ্য যে,যাত্ৰীবাহী বাহন সমূহে উক্ত পথটোৰে সাধাৰণতে যাব নিবিচাৰে বা যাব লগা হ'লেও অধিক ভাড়া বিচাৰে যাত্ৰীৰ পৰা ৷ পথটোৰ ওচৰতেই থকা শংকৰদেৱ শিশু নিকেটন বিদ্যালয়খন উদ্বোধন কৰাৰ লগতে কেইবাটাও সকামত ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই এই পথটোৰে কেইবাবাৰো অহাযোৱা কৰিছে । তৎ স্বত্ত্বেও বিধ্বস্ত পথটোত এই পৰ্য্যন্ত নিৰ্মাণৰ বাবে এচপৰা শিলো পৰা নাই । সেয়েহে আজি স্থানীয় ৰাইজে পথটো পুনৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। পথ অৱৰোধৰ ফলত আবদ্ধ হৈ পৰে বহু যান বাহন ৷

মেৰামতিৰ প্ৰতিশ্ৰুতিৰে পাঁচমাহ আঘতেই ঠিকাদাৰে ভাঙি পেলালে পথঃৰাইজৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়কঃকলিয়াবৰত লোমহৰ্ষক হত্যাকাণ্ড : দাৰে ডিঙিত ঘপিয়াই হত্যা পত্নীক

Intro:খলাবমা পথ নিৰ্মাণৰ দাবীত ৰাইজৰ পথ অৱৰোধBody:আজি পুৱাই ৰঙিয়াৰ গৰকা-দীপ্তেশ্বৰী পথটো স্থানীয় ৰাইজে অৱৰোধ কৰে। এই পথটো যোৱা জুন মাহত নিৰ্মাণ কৰিবলৈ বুলি হঠাতে এজন ঠিকাদাৰে ভাঙি পেলায়। ৰাস্তাটো ভঙাৰ পাঁচমাহ পিছতো আজিকোপতি পুনৰ নিৰ্মাণৰ বাবে একো ব‍্যৱস্থা কৰা হোৱা নাই। বাৰিষা একাঠু বোকা আৰু খৰালি ধূলি বালিৰ বাবে ৰাইজে ভীষণ অসুবিধাৰ সন্মুখীন হৈ আছে। খলাবমা পথটোৰে ই-ৰিক্সা বা তেনে গাড়ী অহাযোৱা কৰিব নিবিচাৰে, বা গলেও যাত্ৰীৰ পৰা ভাড়া বেছিকৈ আদায় কৰে। উল্লেখযোগ্য যে পথটোৰ ওচৰতেই থকা শংকৰদেৱ শিশু নিকেতটন খন উদ্বোধন কৰাৰ লগতে কেইবাটাও সকামত ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই এই পথটোৰে কেইবাবাৰো অহাযোৱা কৰিছে। তৎ স্বত্ত্বেও বিধ্বস্ত পথটোত এই পৰ্য্যন্ত নিৰ্মাণৰ বাবে এচপৰা শিলো পৰা নাই। সেয়েহে আজি স্থানীয় ৰাইজে পথটো পুনৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধৰ ফলত ঠাইখণ্ডত শ শ যান বাহন আবদ্ধ হৈ পৰে। প্ৰশ্ন উঠিছে যদি পথটো নিৰ্মাণৰ বাবে বিভাগ সাজু হোৱা নাছিল তেতিয়া হ'লে ইমান দিন আগতীয়াকৈ ভালে থকা পথটো কিয় ভাঙি পেলোৱা হ'ল???Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.