ৰঙিয়া, 13 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰাৰ লগতে কা বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ মৃত্যুৰ তদন্তৰ দাবীৰে ৰঙিয়াত অসম জাতীয় পৰিষদৰ ধৰ্ণা ৷ ৰঙিয়াৰ অসম জাতীয় পৰিষদৰ গান্ধী মণ্ডপৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদকাৰী সকলে পাঁচ গৰাকী শ্বহীদৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে ৷
প্ৰতিবাদস্থলীত 'কা' বিৰোধী আন্দোলনৰ শ্বহীদ সকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি প্ৰতিবাদকাৰীসকলে 'কা' আমি নামানো, বিজেপি চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।
অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দি প্ৰতিবাদকাৰী সকলে কয় যে যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ইয়াত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ভাৰতীয় সংবিধানক উলংঘা কৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ যি ব্যৱস্থা কৰিব খুজিছে সেইয়া কেতিয়াও মানি লোৱা নহব ।
লগতে পঢ়ক:CAA ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত উত্তাল জোনাই