ডিমা হাছাও , 17 এপ্ৰিল: বানপানী আৰু ভূমিস্খলনৰ বাবে এসপ্তাহৰ পৰা বন্ধ ৰে'ল চলাচল ৷ ৰেল চলাচল বন্ধৰ প্ৰভাৱত দুগুণলৈ বৃদ্ধি ক্ৰুইজাৰ ,চুমোৰ ভাৰা ৷
ৰেল বন্ধৰ সুযোগ লৈ ক্ৰুইজাৰ চুমো চালকসকলে হাফলং শিলচৰ মাজত 250 টকা ভাড়াৰ পৰা 500 টকালৈ বৃদ্ধি ।উল্লেখযোগ্য এতিয়া হাফলংৰ পৰা শিলচৰ ক্ৰুইজাৰ চুমো গাড়ীত যাতায়ত কৰিলে ক্ৰুইজাৰ ও চুমো চালক সকলে অতিৰিক্ত 500 টকা আদায় কৰিছে বুলি বুধবাৰে হাফলং ক্ৰুইজাৰ চুমো ষ্ট্যণ্ডত যাত্ৰী সকলে অভিযোগ কৰে ৷একপ্ৰকাৰ জোৰ কৰি 250 টকাৰ পৰিৱৰ্তে হাফলং-শিলচৰৰ মাজত যাত্ৰীৰ পৰা 500 টকা কৰি ভাড়া আদায় কৰা হৈছে। যোৱা এক সপ্তাহৰ পৰা চুমো ক্ৰুইজাৰ চালক সকলোৰ এনেকৈ লুণ্ঠন চলাৰ পাচতো ডিমা হাছাও জিলাৰ জিলাপ্ৰশাসন ভাড়া বৃদ্ধি হোৱাৰ বিষয়টো লৈ একো পদক্ষেপ লোৱা নাই বুলি ৰাইজৰ অভিযোগ।