ৰঙিয়া,11 জানুৱাৰী : সন্মুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু যদিও ভোগালীৰ বজাৰত এতিয়া যেন জুই চাই বস্তুৰ দাম ৷ অৱশ্যে আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে অসমীয়া ৰাইজক ।
ৰঙিয়াতো ইয়াৰ ব্যতিক্ৰম নহয় ৷ হাঁহ, পাৰৰ পৰা আৰম্ভ কৰি গুৰ, মিঠৈ, চিৰা, দাইল, দৈ, কাঠ আলু সকলোৰে পূৰ্বৰ তুলনাত প্ৰায় দুগুণ মূল্য হৈ পৰিছে । ক’ৰণাতংকৰ মাজতে ৰাইজে অতি আগ্ৰহেৰে উৰুকাৰ এসাজ খাব বিচাৰিছে যদিও মূল্যবৃদ্ধিয়ে যেন বাটত হেঙাৰ হৈ থিয় দিছে ।
সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে উৰুকাৰ ভাতসাজ যোগাৰ কৰিবলৈ এইবাৰ যথেষ্ট কঠিন হৈ পৰিছে । কিন্তু তথাপিও বজাৰত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে । কম পৰিমাণেই হওক, তথাপিও উৰুকাৰ নিশা এসাজ খোৱাৰ হেঁপাহেৰে বজাৰত ভিৰ কৰিছে ৰাইজ ৷
লগতে পঢ়ক : হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু ধেমাজিবাসী