ETV Bharat / state

দৰঙত আলোচনাপন্থী আলফাৰ মাটি দখলৰ অভিযোগ

author img

By

Published : Nov 18, 2020, 8:16 PM IST

১৭ নৱেম্বৰত সংবাদ মাধ্যমত প্ৰচাৰ হোৱা "দৰঙত সমবায়ৰ মাটি বেদখলৰ চেষ্টা আলফাৰ" শীৰ্ষক বাতৰি সন্দৰ্ভত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ধনশ্ৰী কৃষি সমবায় সমিতিৰ সংবাদমেল ৷ সংবাদমেলত সমবায় সমিতিৰ বিষয়ববীয়াই বাতৰিটো সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে ৷

as_ghy_pressmeet_at_guwahati_press_club_AS10028
দৰঙত আলোচনাপন্থী আলফাৰ মাটি দখলৰ অভিযোগ সন্দৰ্ভত সংবাদমেল

গুৱাহাটী, ১৮ নৱেম্বৰ: বিশিষ্ট অভিনেতা তথা সমবায় সমিতিৰ উপদেষ্টা প্ৰাঞ্জল শইকীয়াই সংবাদমেলত আলোচনাপন্থী আলফাৰ মাটি দখল সম্পৰ্কীয় বাতৰিটোৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয় যে,ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত বিশেষকৈ দৰং জিলা মোৱামাৰীৰ চাপৰিৰ পৰা আৰম্ভ কৰি ভাকেলী কান্দা,বৰমৈজলী, ধলপুৰ,পহুমাৰা আদি চৰলৈকে অবাঞ্চিত তথা সন্দেহজনক কিছুমান লাকে বেদখল আৰম্ভ কৰিছিল ৷ গ্ৰামাঞ্চলৰ নিবনুৱা সমস্যা ৰোধৰ লক্ষ্যৰেই ১৯৮৬ চনৰ পৰা নিৰৱিচিন্ন ভাৱে সমবায় সমিতিখনে খিলঞ্জীয়া যুৱকক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাই আহিছে ৷ সন্দেহজনক নাগৰিকেৰে ভৰি পৰা ভূমি ৰক্ষা কৰাৰ বাবেই সমিতিখনৰ দুগৰাকীকৈ সতীর্থই ইতিমধ্যে প্ৰাণ আহুতি দিছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ W.P.(C)No.-290/2091 গোচৰৰ নিৰ্দেশ অমান্য কৰি নিজকে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা বুলি কোৱাৰ অধিকাৰ পালে ক’ত ? যদি অবৈধ বাংলাদেশীক তেওঁলোকে ভূমি প্ৰদান কৰা নাই সেই কথা তথ্য সহকাৰে ৰাজহুৱা কৰিবলৈ সমিতিৰ উপদেষ্টা শইকীয়াই প্ৰত্যাহ্বান জনায়।

ইফালে সমবায় সমিতিৰ সম্পাদক প্ৰাণজিৎ শইকীয়াই আক্ষেপেৰে কয় যে ১৯৮৬ চনত স্থাপিত ব্ৰহ্মপুত্ৰ সমবায়ত আৰম্ভণিতে সদস্য আছিল ১১৯ জন ৷ ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ সভাপতি সম্পাদকে এই কথা স্পষ্ট কৰি দিব পাৰিবনে যে কিয় সমবায়ত আগভাগ লোৱাসকলে নিজৰ নিজৰ দখলত থকা মাটি অনা অসমীয়া লোকৰ জৰিয়তে খেতি কৰি মুনাফা আদায় কৰি আহিছে ৷

চৰকাৰে দিয়া তথ্য অনুসৰি ছিপাঝাৰ বিধানসভা সমষ্টিত মুঠ ৭৭,৪২০ বিঘা ১ কঠা মাটি বিদেশী লোকৰ কবলত আছে ৷ সেই মাটিত ইতিমধ্যে স্কুল স্থাপন কৰা হৈছে ৷ তেওঁলোকে বিদ্যালয়সমূহ কিহৰ ভিত্তিত প্ৰাদেশীকৃত কৰিব পাৰিলে সেই কথা খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা হিচাপে দেখুৱাব খোজাসকলে ৰাজহুৱা কৰক ৷ উচ্চতম ন্যায়ালয়ৰ ৰায় থকাৰ পিছতো তদানীন্তন চৰকাৰে উচ্ছেদ অভিযানত কেতিয়াবা মনোযোগ দিছেনে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক: ভূমিৰ মূল্য বিচাৰি নলবাৰী মেডিকেল কলেজত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.