মিৰ্জা, ২৮ ডিচেম্বৰ: ৰূপে-গুণে অপৰূপ অসমৰ প্ৰকৃতি। প্ৰাকৃতিৰ অনন্য আকৰ কঢ়িয়াই দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত উজলি আছে চানডুবি । ১৮৯৮ চনৰ ১২ জুনৰ সন্ধিয়া বৰভূইকঁপৰ ফলত সৃষ্টি হৈছিল মনোৰম চানডুবি বিল আৰু এই চানডুবিৰ পাৰতেই প্ৰতিবছৰে উদযাপন হৈ আহিছে চানডুবি উৎসৱ । বিগত বছৰবোৰৰ দৰে সমাগত নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হ'ব চতুৰ্দশ চানডুবি উৎসৱ ।
এই মনোৰম চানডুবি এতিয়া সংকটৰ গৰাহৰ । চৰকাৰী অৱহেলাৰ বিপৰীতে স্থনীয় সচেতন ৰাইজ তথা দল-সংগঠনৰ এক প্ৰচেষ্টাত চানডুবিৰ সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত হৈছে চানডুবি উৎসৱ । এই উৎসৱত প্ৰদৰ্শন কৰা হ'ব বিভিন্ন থলুৱা কলা-কৃষ্টি, খাদ্য-সম্ভাৰ, সাজ-পাৰ । লগতে নৌকা বিহাৰ, হস্তী আৰোহণ, টঙীঘৰ আৰোহণকে আদি কৰি বিভিন্ন জনজাতীয় লোক-পৰম্পৰা উজলি উঠিব চানডুবি উৎসৱৰ বাকৰি ।
উৎসৱস্থলীত পৰ্যটকৰ আকৰ্ষণৰ বাবে নিৰ্মাণ কৰি থকা হৈছে বাঁহ-বেতৰ বিভিন্ন আকৰ্ষণীয় গৃহ । বিগত বছৰৰ দৰে এই বেলিও ইংৰাজী নতুন বছৰৰ প্ৰথম দিনৰ পৰাই পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চানডুবি উৎসৱ আয়োজনৰ প্ৰস্তুতি চলাইছে ৰাভা সংগঠনসমূহে । চানডুবিৰ জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি আহিছে চানডুবি উৎসৱ । চতুৰ্দশ চানডুবি উৎসৱত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।
উল্লেখ্য যে, প্ৰকৃতিৰ ৰম্যভূমি চানডুবিত প্ৰতিবছৰে ভিৰ কৰে বহু বনভোজৰ দলে । চানডুবিৰ নৈসৰ্গিক পৰিৱেশত আপোন পাহৰা হয় সকলো । চানডুবি বিলত নৌকা বিহাৰৰ আনন্দ উপভোগ কৰিবলৈ ঢপলিয়াই আহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক ।