ETV Bharat / state

ৰাজ্যজুৰি 71 সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি - ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰ

preparation republic day live update
ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি
author img

By

Published : Jan 24, 2020, 12:02 PM IST

Updated : Jan 24, 2020, 3:15 PM IST

14:55 January 24

ধুবুৰীত 71তম গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

ধুবুৰী , 24 জানুৱাৰী : ৰাজ্যৰ সমান্তৰালকৈ ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ তৎপৰ ধুবুৰী জিলা প্ৰশাসন । কেন্দ্ৰীয় ভাৱে উদযাপন হ'বলগীয়া ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ চাৰিওফালে এইদৰে নিৰাপত্তাৰ ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰিছে ধুবুৰী আৰক্ষীয়ে । খেলপথাৰত আৰক্ষী,গৃহৰক্ষী বাহিনী আৰু বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অনুশীলন অব্যাহত ৰাখিছে । ইপিনে ধুবুৰী জিলাৰ সদৰৰ লগতে ভিতৰুৱা চৰ অঞ্চলতো আৰক্ষীয়ে তালাচি অভিযান চলোৱা বুলি সদৰী কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই ।

আৰু পঢ়ক : ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন

12:50 January 24

বাক্সাৰ মুছলপুৰত গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

বাক্সা , 24 জানুৱাৰী : বাক্সাৰ মুছলপুৰতো দেখা গ'ল গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি ৷ বাক্সাৰ মুছলপুৰ ষ্টেডিয়ামৰ খেলপথাৰত প্ৰতিদিনে চলিছে অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইডৰ অনুশীলন ৷ অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইড আৰু ছাত্ৰ-ছাত্ৰী সকল অনুশীলনত ব্যস্ত হৈ পৰাৰ লগতে তেওঁলোকৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা ৷ যান-বাহনৰ তালাচী চলোৱাৰ লগতে নিৰাপত্তা বেষ্টনীও কটকটীয়া কৰিছে বুলি মন্তব্য কৰে জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷ ছাত্ৰ - ছাত্ৰী আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে মাৰাথান দৌৰ, চাইকেল ৰেলী কৰিব বুলিও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷

আৰু পঢ়ক : বৰমাত বিচিটিৰ প্ৰথমখন কৃষক সমাৰোহ

10:57 January 24

ৰঙিয়াত গণৰাজ্য দিৱসৰ ব‍্যাপক প্ৰস্তুতি

ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি

ৰঙিয়া , 24 জানুৱাৰী : ৰাজ্যৰ সমান্তৰালকৈ ৰঙিয়াতো দেখা গৈছে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি ৷ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শীৰ্ষ আৰক্ষী বিষয়াৰ তত্ত্বাৱধানত অসম আৰক্ষী, এন চি চি, স্কাউট-গাইডৰ অনুশীলন । অনুশীলনত ভাগ লৈছে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চি, স্কাউট এণ্ড গাইডৰ দল আৰু ছাত্ৰ-ছাত্ৰী সকলে । 

আৰু পঢ়ক : গণৰাজ্য দিৱস উপলক্ষ্যে ৰাজ্যত ব্যাপক প্ৰস্তুতি

Intro:ৰঙিয়াত চলিছে গণৰাজ্য দিৱসৰ ব‍্যাপক প্ৰস্তুতিBody:সমগ্র ৰাজ্যৰ লগতে ৰঙিয়াতো বৰ্ণাঢ্য কাৰ্য্যসূচীৰে গণতন্ত্ৰ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে । ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত প্ৰতিদিনে চলিছে অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইডৰ অনুশীলন । বিশেষকৈ গণতন্ত্ৰ দিৱস অনুষ্ঠানৰ 'পেৰেড'ক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইড আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত । শীৰ্ষ আৰক্ষী বিষয়াৰ তত্বাৱধানত চলি থকা পেৰেডৰ অনুশীলনত ভাগ লৈছে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চি, স্কাউট এণ্ড গাইডৰ দল আৰু ছাত্ৰ-ছাত্ৰী সকলে । ইয়াৰোপৰি গণতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰো আয়োজন কৰিছে প্ৰশাসনে । লগতে সমান্তৰাল ভাৱে চলি আছে চাফাই অভিযান। মহকুমা প্ৰশাসনৰ উদ‍্যোগটোত বিভিন্ন NGO ই ৰঙিয়াৰ বিভিন্ন ঠাইত এই অভিযান চলাই আছে।
Bite:- উদ‍্যোক্তা, ছাত্রConclusion:বন্দনা শৰ্মা
Last Updated : Jan 24, 2020, 3:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.