ETV Bharat / state

পলাশবাৰী আৰক্ষীৰ জালত সাংবাদিকৰূপী দুধৰ্ষ চোৰ

author img

By

Published : Feb 1, 2021, 10:27 PM IST

সোমবাৰে পুৱতি নিশা পলাশবাৰী আৰক্ষীয়ে আটক কৰে নিউজ প’ৰ্টেলৰ সাংবাদিকৰূপী তিনি দুৰ্ধৰ্ষ চোৰক ৷ চোৰকেইটাৰ পৰা 6 খন বাইক, নম্বৰ প্লেট, লেপটপৰ লগতে চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।

portal reporters arrest by palashbari police
পলাশবাৰী আৰক্ষীৰ জালত সাংবাদিকৰূপী দুধৰ্ষ চোৰ

আজাৰা, 1 ফেব্ৰুৱাৰী : সোমবাৰে কামৰূপ (গ্ৰাম্য) জিলাৰ পলাশবাৰী আৰক্ষীৰ জালত পৰিছে নিউজ প’ৰ্টেলৰ সাংবাদিকৰূপী দুধৰ্ষ চোৰ । আৰক্ষীৰ জালত পৰা দুধৰ্ষ গাড়ীচোৰকেইজন জাহেৰ আলী আহমেদ ফেচবুক প’ৰ্টেলৰ সাংবাদিক বুলি জানিব পৰা গৈছে ।

ঘটনা অনুসৰি, দেওবাৰে পুৱতি নিশা পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজয়নগৰত জাহেৰ আলীসহ দুজন সাংবাদিকৰূপী চোৰক এখন গেৰেজত বাহৰ পাতি আছিল ৷ সেই সময়তে পলাশবাৰী আৰক্ষীয়ে ঘটনাৰ উমান পাই আটাইকেইজনক ঘটনাস্থলীতে আটক কৰে । গ্ৰেপ্তাৰ হোৱা চোৰকেইটা হৈছে জাহেৰ আলী আহমেদ,হাফিজুল হক আৰু ৰছিদুল হক আৰু চোৰকেইটাৰ পৰা Reporter Axom আৰু VOICE 24 Assam নামৰ সংবাদ গোষ্ঠীৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে ৷

আটাইকেইজনকে আটক কৰাৰ লগতে চোৰকেইটাৰ পৰা 6 খন বাইক, নম্বৰ প্লেট, লেপটপৰ লগতে চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সা-সৰঞ্জাম জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, জাহেৰ আলী আহমেদে ইতিমধ্যে বহুকেইটা নিউজ প’ৰ্টেলত কাম কৰিছে ৷

লগতে পঢ়ক : 'কা' বাতিলৰ দাবীত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ৰঙাপৰা ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.