ETV Bharat / state

ৰঙিয়া দ্বাৰকুছিত জলমগ্ন পথে জীয়াতু ভুগাইছে ৰাইজক

এজাক বৰষুণ দিলেই বুৰ যায় ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ লগত দ্বাৰকুছি সংযোগ কৰা পথটো ৷ যাৰবাবে হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'ব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

author img

By

Published : Jun 21, 2020, 5:33 PM IST

Poor road condition at Dwarkuchi of Rangia
ৰঙিয়া দ্বাৰকুছিত জলমগ্ন পথে জীয়াতু ভুগাইছে ৰাইজক

ৰঙিয়া, 21 জুন: ৰঙিয়া সমষ্টিৰ অন্তৰ্গত দ্বাৰকুছিত জলমগ্ন পথতেই ৰাইজৰ সহাৱস্থান ৷ এজাক বৰষুণ দিলেই বুৰ যায় ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ লগত দ্বাৰকুছি সংযোগ কৰা পথটো ৷ যাৰবাবে হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'ব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷ একাঠু পানীৰ মাজেৰে বিপদসংকুল ভাবে এই পথটোৰে যাতায়ত কৰিব লগা হয় পঞ্চাশখনৰো অধিক গাঁৱৰ ৰাইজে ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা প্ৰতিবছৰেই এই পথটোৰ বাবে বাৰিষাকালত দুৰ্ভোগ ভূগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে ৷ বোকা-পানীৰ মাজেৰে ৰাইজে যাতায়ত কৰিব লগা হোৱাত সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা ৷

উল্লেখ্য যে, পথটোৰ এই দুৰাৱস্থাৰ বাবে অঞ্চলটোত উপস্থিত নহয় জৰুৰীকালীন স্বাস্থ্য তথা অন্যান্য সেৱা সমূহৰ বাহন ৷ এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিও হতাশ হৈ পৰিছে ৰাইজ ৷ উপায়হীন ৰাইজে অতি শীঘ্ৰে পথটো যাতায়তৰ বাবে সুচল কৰি দিবলৈ বিধায়ক তথা চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়কঃ সৰ্থেবাৰী আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.