ETV Bharat / state

শিক্ষা খণ্ডৰ দুৰ্দশাঃ এটা কোঠা, এগৰাকী শিক্ষক আৰু 75জন ছাত্ৰ-ছাত্ৰী - ৰাজ্যৰ শিক্ষা খণ্ডৰ দুৰ্দশা

১৯৮৫ চনতে স্থাপন হোৱা আৰু ২০১৩ চনত প্ৰাদেশিকৃত ৰঙিয়া সমষ্টিৰ অন্তৰ্গত 2নং পূব দ্বাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত নাই উপযুক্ত শিক্ষাৰ পৰিৱেশ ৷ এটা ভগা ঘৰত মাত্ৰ এগৰাকী শিক্ষকে চলাই আহিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান ৷

শিক্ষা খণ্ডৰ দুৰ্দশাঃএটা কোঠা, এগৰাকী শিক্ষক আৰু 75জন ছাত্ৰ-ছাত্ৰী
author img

By

Published : Nov 19, 2019, 11:28 PM IST

ৰঙিয়া, 19 নৱেম্বৰঃ অসমৰ শিক্ষা খণ্ডৰ দুৰ্দশাৰ নমুনা দাঙি ধৰা এখন বিদ্যালয় ৷ মাত্ৰ এটা কোঠাতে এগৰাকী শিক্ষকৰ দ্বাৰা পাঠদান চলিছে পাঁচটা শ্ৰেণীৰ 75জন ছাত্ৰ-ছাত্ৰীৰ ৷ ১৯৮৫ চনতে স্থাপন হোৱা আৰু ২০১৩ চনত প্ৰাদেশিকৃত ৰঙিয়া সমষ্টিৰ অন্তৰ্গত 2নং পূৱ দ্বাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত নাই উপযুক্ত শিক্ষাৰ পৰিৱেশ ৷ এটা ভগা ঘৰত মাত্ৰ এগৰাকী শিক্ষকে চলাই আহিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান ৷ আনহাতে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে বহিবলৈ নাই ডেক্স-বেঞ্চৰ ব্যৱস্থা ৷ যাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মাটিত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ৷

শিক্ষা খণ্ডৰ দুৰ্দশা

আনহাতে, বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ নামত নামমাত্ৰ অনুদান প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে সংশ্লিষ্ট বিভাগে ৷ ইতিমধ্যে ধুমুহা বৰষুণত দুবাৰকৈ বিদ্যালয় গৃহটো ভাঙি যোৱাৰ পিছত তৃতীয়বাৰৰ বাবে স্থানীয় ৰাইজৰ সহযোগত তৰ্জাৰ বেৰ দি পুনৰ বিদ্যালয় গৃহটো নিৰ্মান কৰা হৈছে ৷ এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অভিভাৱকলকলৰ আহ্বান অতি শীঘ্ৰেই বিদ্যালয় গৃহটো নিৰ্মাণ কৰি আৰু শিক্ষকৰ নিযুক্তি দিব লাগে বিদ্যালয়খনত ৷ অন্যথা 75জন কণ কণ শিশুৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিব ৷

Intro:ৰঙিয়াৰ এখন বিদ‍্যালয়ত এটা কোঠাত মাত্ৰ এগৰাকী শিক্ষকৰদ্বাৰা পাঁচটা শ্ৰেণীৰ ৭৫ গৰাকী ছাত্র ছাত্ৰীক পাঠদান চলি আছে।Body:অসমৰ শিক্ষা খণ্ডৰ‌ দুৰ্ৰদশা ৰঙিয়া সমষ্টিৰ অন্তৰ্গত 2নং পূব দ্বাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত জলজল পটপট কৈ দেখিবলৈ পোৱা যায়। বাক্সাৰ সমীপৰ ১৯৮৫ চনতে স্থাপন হোৱা আৰু ২০১৩ চনত প্ৰাদেশিকৃত এই বিদ‍্যালয় খনত পাঁচটা শ্ৰেণীৰ পাঠদান এটা মাত্ৰ সৰু কোঠাতেই কৰা হয়। বৰ্তমান ৭৫ গৰাকী ছাত্র ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত আছে মাত্ৰ এগৰাকী শিক্ষক। বিদ‍্যালয়খনৰ ভিতৰত ছাত্র ছাত্ৰীসকলৰ বাবে বহিবলৈ ডেক্স-বেঞ্চৰ দৰে প্ৰাথমিক সুবিধাকণও নাই, যাৰবাবে আজিও ছাত্র ছাত্ৰী সকলে মাটিত বস্তা পাৰি বহি শিক্ষাগ্ৰহণ কৰে। বিদ্যালয়খনত বিদ‍্যুতৰ সংযোগৰো কোনো ব‍্যৱস্থা নাই। আন্তঃগাঠনিৰ বাবে ৰাইজৰ অনুনয় বিনয়ক গুৰুত্ব প্ৰদান নকৰা বিভাগটোৱে এইবাৰ নামমাত্ৰ ধন মুকলি কৰিয়েই দায়িত্ব সামৰিছে।ইতিপূৰ্বে ধুমুহা বৰষুণত দুবাৰ বিদ্যালয় গৃহটো ভাঙি যোৱাৰ পিছত তৃতীয়বাৰৰ বাবে স্থানীয় ৰাইজৰ সহযোগত তৰ্জাৰ বেৰ দি পুনৰ বিদ্যালয় গৃহ টো বনোৱা হয়, য'ত বৰ্তমান পাঠদান কৰি থকা হৈছে। এটা কোঠাত মাত্ৰ এগৰাকী শিক্ষকৰদ্বাৰা পাঁচটা শ্ৰেণীৰ ৭৫ গৰাকী ছাত্র ছাত্ৰীক পাঠদান চলি থকা এই বিদ‍্যালয়খনৰ শৈক্ষিক দিশটো কিমান নিম্নগামী হৈছে সেয়া সহজেই অনুমেয়। ৰাইজে সমস্যাৰ সমাধান বিচাৰিছে।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.