বকো, 21 নৱেম্বৰ : বকোৰ লামপাৰাৰ পৰা ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰলৈ যোৱা মূল পথৰ এটা অংশক লৈ স্থানীয় ৰাইজ বিতুষ্ট হৈ পৰিছে । উক্ত পথটোত অহৰহ চলে অজস্ৰ বাহন । কিন্তু এই পথটোতে আছে এটা ৰে‘লৱে ক্ৰছিং আৰু ৰে‘লৱে বিভাগৰ ভাগত পৰা সেই পথৰ অংশটো যোৱা কিছু বছৰৰ পৰা বেয়া হৈ পৰাত যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে প্ৰায়ে সৰু ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।
ইয়াৰ ফলত পথচাৰী, বিদ্যালয়-কলেজত যোৱা ছাত্ৰ ছাত্ৰী প্ৰায়ে বিপাঙত পৰে । সেয়েহে ৰাইজে অতি সোনকালে পথটোৰ সেই অংশটো মেৰামতি কৰি দিয়াৰ বাবে দাবী জনাইছে ।
লগতে পঢ়ক: ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন