ETV Bharat / state

মুগা পালকে কাটিলে চোমনি - মুগা

ৰেচম বিভাগৰ চৰম গাফিলতি ৷ মুগা সূতা প্ৰস্তুত কৰাৰ বাবে মুগা পলু পোহা গছ কাটি পেলাবলগীয়া হৈছে মুগা পালকে ৷ কিয়নো মুগা পালনৰ ক্ষেত্ৰত কোনো সহায়-সহযোগিতা আগবঢ়োৱা নাই ৰেচম বিভাগে ৷

muga cultivation
মুগা পালন
author img

By

Published : Jan 13, 2021, 1:28 PM IST

বকো,13 জানুৱাৰী : অসমৰ গৌৰৱ মুগা কাপোৰক লৈ যেন বিপদ ঘণ্টা বজাইছে ৰেচম বিভাগে । ৰেচম বিভাগৰ চৰম গাফিলতিৰ বাবেই আজি মুগা পালকে মুগা সূতা প্ৰস্তুত কৰাৰ বাবে মুগা পলু পোহা গছ কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে, মুগা সূতা তথা মুগা সূতাৰ পৰা প্ৰস্তুত কৰা কাপোৰে ইতিমধ্যে 2007 চনতে ভৌগোলিক চিহ্ন হিচাপে প্ৰাপ্তি লাভ কৰিছিল ৷ পৃথিৱী ব্যাপি চাহিদা থকাৰ পাচতো কেৱল ভাৰতীয় ৰেচম বিভাগৰ চৰম গাফিলতিৰ বাবেই আজি মুগা উদ্যোগ ধংসমুখত পৰিছে ।

মুগা পালন

বকোৰ জোঙাখুলি ৰাজাপাৰাত এজন মুগা পালকে প্ৰায় সাত বছৰে যত্ন কৰি ডাঙৰ দীঘল কৰা মুগা পলুৰ খাদ্য চোম গছসমূহ কাটি পেলায় । মুগা পলু পালক ইনীন্দ্ৰ মাৰাকে জনোৱা মতে, ৰেচম বিভাগে কোনো ধৰণৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ নিদিয়াৰ বাবেই উপায়ন্তৰ হৈ তেওঁ গছসমূহ কাটি পেলাইছে ।

এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, সোণ গছেৰে চৰকাৰীভাৱে যদি কোনো ধৰণৰ সহায়-সহযোগিতা, দিহা-পৰামৰ্শ পোৱা নাযায়, তেন্তে তামোল গছ ৰোৱাই শ্ৰেয় ৷

লগতে পঢ়ক : পাঠশালাৰ বজাৰত ওলাইছে 40 কেজি ওজনৰ মাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.