ETV Bharat / state

পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে কমলপুৰবাসীক

author img

By

Published : Jun 30, 2020, 3:02 PM IST

কমলপুৰৰ এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথৰ ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী জমা হোৱাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ তৎসত্বেও বিষয়টোৰ সন্দৰ্ভত কোনো গুৰুত্ব আগবঢ়োৱা নাই কমলপুৰৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গৰাকীয়ে ৷ পথচোৱাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে যাতায়তৰ উপযোগী কৰি তুলিবলৈ স্থানীয় লোকে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ৷

Poor Condition of a PWD Road at kamalpur kamrup assam etv bharat news
কমলপুৰত গড়কাপ্তানি পথৰ দুৰৱস্থা

বাইহাটা,30 জুন: এজাক বৰষুণতে জলমগ্ন হয় কমলপুৰৰ এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ ৷ পথটোৰ ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী জমা হোৱাত দুৰ্ভোগ ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ তদুপৰি পথটোৰে চলাচল কৰা কেইবাখনো যান-বাহন ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে কেইবাজনো লোক ৷ সম্প্ৰতি একপ্ৰকাৰ মৰণফান্দত পৰিণত হৈছে পথচোৱা ৷ তৎসত্বেও বিষয়টোৰ সন্দৰ্ভত কোনো গুৰুত্ব আগবঢ়োৱা নাই কমলপুৰৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গৰাকীয়ে ৷ যাৰ বাবে পথটোৰে বিপদসংকুলভাৱে যাত্ৰা কৰি আহিছে স্থানীয় ৰাইজে ৷ বছৰৰ প্ৰায় সকলো সময়তে এজাক বৰষুণৰ ফলত জলমগ্ন হৈ পৰে পথটি ৷ দৰাচলতে পথটোৰ সমীপৰ কেইটামান পৰিয়ালে জধে-মধে পকী বেৰ দিয়াৰ ফলত ব্যৱহৃত পানী ওলাই যাব নোৱাৰাত এনেদৰে পথচোৱাত একাঠু পৰ্যন্ত পানী আৱদ্ধ হৈ থাকে ৷

কমলপুৰত গড়কাপ্তানি পথৰ দুৰৱস্থা

উল্লেখ্যে যে, 31 নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো কাৰণত বন্ধ হৈ পৰিলে এই পথচোৱাক বিকল্প পথ হিচাপে ব্যৱহাৰ কৰি আহিছে স্থানীয় লোকে ৷ তদুপৰি এই পথটোৱে অঞ্চলটোৰ সৈতে বিদেশী ৰাষ্ট্ৰ ভূটানকো সংযোগ কৰিছে । পথচোৱাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে যাতায়তৰ উপযোগী কৰি তুলিবলৈ স্থানীয় লোকে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ৷

লগতে চাওকঃ কলৰ ভুৰত উঠি দৰাই আনিলে কইনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.