ETV Bharat / state

Poor condition of health center: উৱলি যোৱা বেৰ, ফুটা টিনপাতেৰে চলিছে বকোৰ স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Mar 19, 2023, 7:19 PM IST

Updated : Mar 19, 2023, 10:01 PM IST

প্ৰকৃততে কি দৰে চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ? চৰকাৰে কৰা ঘোষণাৰ দৰেই উন্নয়ন হৈছে নে স্বাস্থ্য বিভাগৰ ? চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দৌৰত কি দৰে চলিছে ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰসমূহ (Poor condition of health center) ? সকলো উত্তৰ পাব এই প্ৰতিবেদনত ৷

Poor condition of health center
উৱলি যোৱা বেৰ, ফুটা টিনপাতেৰে চলিছে বকোৰ স্বাস্থ্য কেন্দ্ৰ

বকো, 19 মাৰ্চ: উৱলি যোৱা বেৰ, মূধচৰে আকাশ দেশা পোৱা এয়া কোনো ব্যক্তিৰ বাসগৃহ নহয় ৷ প্ৰকৃততে এয়া ৰাজ্যৰ এটা স্বাস্থ্য কেন্দ্ৰ ৷ অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ গোহালকোনাত অৱস্থিত এই স্বাস্থ্য কেন্দ্ৰটো ৷ নাই পৰ্যাপ্ত সুবিধা, নাই আন্তঃগাঁথনি ৷ উৱলি যোৱা বেৰ, ফুটা টিনপাত, মাটিৰ বাৰাণ্ডাৰে মৃতপ্ৰায় অৱস্থাত চলি আছে এই স্বাস্থ্য কেন্দ্ৰটো (Health sector of Assam) ৷ কিন্তু কানসাৰ নাই ঋণ লৈ অভিলেখ সৃষ্টি কৰি ৰাজ্যত উন্নয়ন হৈছে বুলি ঢাক-ঢোল বজোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰ আৰু বিয়াগোম স্বাস্থ্য বিভাগৰ (Health department of Assam) ৷

প্ৰকৃততে এয়াই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত আৰু পুতৌজনক ছবি ৷ বকোৰ পৰা 11 কিলোমিটাৰ নিলগত অৱস্থিত এই গোহালকোনা উপ-স্বাস্থ্য কেন্দ্ৰটোৰ ওপৰত নিৰ্ভলশীল সহস্ৰাধিক লোক ৷ প্ৰাথমিক চিকিৎসা, সৰু-সুৰা অস্ত্ৰোপচৰা, মহিলাৰ প্ৰসৱ, আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আদি সকলো কাৰ্য সম্পাদন হয় উৱলি যোৱা এই স্বাস্থ্য কেন্দ্ৰটোত ৷ কিন্তু নাই পৰ্যাপ্ত সুবিধা, নাই অস্ত্ৰোপচাৰ কক্ষ ৷ কেইদিনমান পূৰ্বে হোৱা ধুমুহাই উৰুৱাই নিলে স্বাস্থ্য কেন্দ্ৰোটৰ টিনপাত ৷ যাৰ বাবে টিনসমূহ বান্ধি কোনো কোনো মতে কাৰ্যক্ষম কৰি ৰখা হৈছে কেন্দ্ৰটো (Health sector development in Assam) ৷

লাভ কৰা তথ্য অনুসৰি, চলিত বৰ্ষত এই কেন্দ্ৰটোতে সম্পন্ন কৰা হৈছে 33 টা প্ৰসৱ ৷ তৎসত্বেও কেন্দ্ৰটোৰ উন্নয়নৰ বাবে বা আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে চকুতেই পৰা নাই বিভাগৰ ৷ স্থানীয় ৰাইজ আৰু কেন্দ্ৰটোত নিয়োগিত স্বাস্থ্য কৰ্মীয়ে চৰকাৰক বহুবাৰ আবেদন-নিবেদন কৰাৰ পাচতো চৰকাৰে প্ৰদান কৰা নাই কোনো গুৰুত্ব ৷

উল্লেখ্য যে, ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পালে 12 খনলৈ ৷ কিন্তু উপেক্ষিত হৈ ৰ’ল গ্ৰামাঞ্চলৰ স্বাস্থ্য কেন্দ্ৰসমূহ ৷ মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, আপুনি বাৰু খবৰ ৰাখিছেনে আপোনাৰ বিভাগৰ এই দুৰৱস্থাৰ কথা ৷ ‘চব কা সাথ চব কা বিকাশ’ৰ শ্লোগান দি সম উন্নয়নৰ কথা কোৱা এনে এখন চৰকাৰ থকাৰ দিনত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবিখন পঁয়ালগা কিয় ? এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে ৷

প্ৰশ্ন হয়, কেৱল বিজ্ঞাপন আৰু কথাৰ ফুলজাৰিতেই ৰাজ্যত হৈছে নেকি উন্নয়ন ? কোটি কোটি টকাৰ ঋণ লৈ সাধাৰণ ৰাইজৰ ওপৰত ইটোৰ পাচত সিটো কৰ আৰোপ কৰি কেৱল বিজ্ঞাপনৰ নামতেই মাত্ৰ 22 মাহত 131 কোটি টকা ব্যয় কৰা চৰকাৰৰ এয়াই উন্নয়নৰ নমুনা নেকি ? নে স্বাস্থ্যখণ্ডৰ উন্নয়ন কেৱল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাগজৰ বাঘ ?

লগতে পঢ়ক: Assam govt in debt: ২২ মাহতে বিজ্ঞাপনত ১৩১ কোটি টকা ব্যয় কৰি অভিলেখ শৰ্মা চৰকাৰৰ

Last Updated : Mar 19, 2023, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.