ETV Bharat / state

অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নহ’ল ৰঙিয়াৰ এটা দৰিদ্ৰ দিব‍্যাঙ্গ পৰিয়ালৰ

উদ্ধৱ শালৈৰ পত্নীয়ে ঘৰতেই কুকুৰা পোহাৰ লগতে চুবুৰীটোৰ বিভিন্ন লোকৰ ঘৰত কাম কৰি পৰিয়ালটোক সকাহ দি আহিছে ।

author img

By

Published : Nov 13, 2020, 7:38 PM IST

poor and physically challenged family not included under arunodoy scheme
অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নহ’ল ৰঙিয়াৰ এটা দৰিদ্ৰ দিব‍্যাঙ্গ পৰিয়ালৰ

ৰঙিয়া, ১৩ নৱেম্বৰ: ৰাজ‍্যৰ চৌদিশে অৰুণোদয় আঁচনি ৰূপায়নত অনিয়ম হৈ থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে পুনৰ ৰঙিয়াৰ এটা পৰিয়াল বঞ্চিত হৈছে উক্ত আঁচনিখনৰ সুবিধা লাভ কৰাৰ পৰা । ৰঙিয়াৰ মৰাণজানা পঞ্চায়তৰ পামৈচুপাৰ উদ্ধৱ শালৈ আৰু তেওঁৰ একমাত্ৰ জীয়ৰীয়ে চকুৰে ভালদৰে নেদেখে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ এই তিনিজনীয়া পৰিয়ালটো কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছে ।

উদ্ধৱ শালৈয়ে অন্ধ হোৱাৰ সত্বেও কোনোমতে কাম কৰি পৰিয়ালটো পোহপাল দি আহিছে ৷ পত্নীয়ে ঘৰতেই কুকুৰা পোহাৰ লগতে চুবুৰীটোৰ বিভিন্ন লোকৰ ঘৰত কাম কৰি পৰিয়ালটোক সকাহ দি আহিছে । দম্পতিহালৰ একমাত্ৰ জীয়ৰীয়েও আৰম্ভ কৰিছে চকুৰ অসুখত ভুগিবলৈ । কিন্তু অনাটনে জুৰুলা কৰা পৰিয়ালটোৱে ছোৱালীজনীৰ সময় মতে সঠিক চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই । পৰিয়ালটোৱে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে । আঁচনিখন ৰূপায়ণত যথেষ্ট দুৰ্নীতি হোৱাৰ লগতে বিজেপিৰ পালিনেতাসকলে নিজৰ পৰিয়ালৰ লোকক সুবিধা দিছে বুলিও অভিযোগ কৰে পৰিয়ালটোৱে ।

লগতে পঢ়ক: গোলাঘাট জিলাৰ কৃষকক বীজ বিতৰণ কৃষি বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.