ETV Bharat / state

অখিল গগৈৰ মুক্তি বিচৰা প্ৰতিবাদকাৰীক কোৱাৰেন্টাইন কৰাৰ চেষ্টা আৰক্ষীৰ - akhil gogoi

মুকলি কৰি দিয়া হ'ল মিৰ্জাত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰীসকলক । অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আদি কেইবাজনো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-সদস্যৰ মুক্তিৰ দাবীত দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ'কত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছিল এইসকল প্ৰতিবাদকাৰীয়ে ।

quarantine
quarantine
author img

By

Published : Jun 9, 2020, 4:18 AM IST

Updated : Jun 9, 2020, 5:34 AM IST

আজাৰ, 8 জুন : অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আদি কেইবাজনো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-সদস্যৰ মুক্তিৰ দাবীত সোমবাৰে ৰাজ্যৰ বিভিন্ন স্থানত কৰা হৈছিল প্ৰতিবাদ ৷ মিৰ্জাত এই প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হৈছিল কেইবাজনো ব্যক্তি ৷ দুপৰীয়া পলাশবাৰী আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল । নিশাৰ ভাগত মুকলি কৰি দিয়া হ'ল মিৰ্জাত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা লোকসকলক ।

protester
গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰী

কামৰূপ জিলা 'কা' বিৰোধী সংগ্ৰামী ঐক্য মঞ্চৰ উদ্যোগত অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱালসহ 'কা' বিৰোধী প্ৰতিবাদত অংশ লৈ কাৰাবন্দী হৈ থকা প্ৰতিবাদকাৰী সকলক বিনাচৰ্তে মুকলিৰ দাবীত দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ'কত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে । হাতে-হাতে প্লে' কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়,অখিল গগৈক মুক্তি দিয়ক,অখিল গগৈক লৈ ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে পলাশবাৰী আৰক্ষী উপস্থিত হৈ আটাইকেইজন লোকক আটক কৰি পলাশবাৰী আৰক্ষী থানালৈ লৈ যায় ।

অখিল গগৈৰ মুক্তি বিচৰা প্ৰতিবাদকাৰীক কোৱাৰেন্টাইন কৰাৰ চেষ্টা আৰক্ষীৰ !

থানালৈ লৈ যোৱাৰ পাচত আটকাধীন লোকসকলোক হঠাৎ বিয়লি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ বুলি পলাশবাৰী আৰক্ষী থানাৰ পৰা লৈ যায় ৷ কিন্তু অভিযোগ অনুসৰি লোকসকলোকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে গৌৰীপুৰ আৰক্ষী চকীলৈ লৈ যোৱা হয় । তাৰ পৰা পুনৰ আটকাধীন ১৩জন ক্ৰমে অনিল বড়ো, ৰমা বড়ো, চন্দন বড়ো,ৰাহুল চৌধুৰী, দিনেশ দাস, ফনীল মজুমদাৰ, হৃদয় কলিতা, ভৃগু কলিতা, দামোদৰ কলিতা,জয়নুদ্দিন আলী, বিক্ৰম নাথ, মৰ্মেশ্বৰ কছাৰী, বিৰেশ বসুমতাৰীক গৌৰীপুৰৰ পৰা চাংসাৰি কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ যায় হঠাৎ তেওঁলোকক বিচনা দিয়া হয় বুলি ঘোষণা কৰিছিল প্ৰশাসনে । যি সকললোক সুস্থ-সৱল ভাৱে ঘৰৰ পৰা ওলাই গৈছিল তেওঁলোকক কোৱাৰেন্টাইন কৰিবলৈ ওলোৱাত জাঙুৰ খাই উঠাত অৱশেষত হোম কোৱাৰেন্টাইন কৰিব বুলি তেওঁলোকক মোকলাই দিয়ে । তেওঁলোকৰ অভিযোগ আৰক্ষীয়ে এয়া দমনমূলক ভাৱে তেওঁলোকক আৱদ্ধ কৰি ৰাখিব বিছাৰিছিল ।

লগতে পঢ়ক : অখিল গগৈক মুক্তিৰ দাবীত অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ সংবাদমেল

Last Updated : Jun 9, 2020, 5:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.