ETV Bharat / state

ছয়গাঁৱত আৰক্ষী আৰু আৱকাৰী বিভাগৰ অভিযান - নিচাজাতীয় সামগ্ৰী জব্দ

বৃহস্পতিবাৰে ছয়গাঁৱৰ ৰতনপুৰ গাঁৱত চুলাই মদৰ ঘাটি উৎখাত কৰে আৰক্ষী তথা আবকাৰী বিভাগে ৷ লগতে নষ্ট কৰে 2000 লিটাৰ চুলাই মদ সহ বহু বহু কেঁচা সামগ্ৰী ৷

police-mission-against-illegal-liquor-at-chhygaon
ছয়গাঁৱত আৰক্ষী আৰু আৱকাৰী বিভাগৰ অভিযান
author img

By

Published : Jul 22, 2021, 10:50 PM IST

ছয়গাঁও,22 জুলাই: ড্ৰাগছ,গাঞ্জা,মদকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত আছে ছয়গাঁও আৰক্ষীৰ ৷ বৃহস্পতিবাৰে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত এটি আৰক্ষীৰ দল আৰু আৱকাৰী বিভাগৰ এটি দলে যুটীয়াভাৱে ছয়গাঁৱৰ ৰতনপুৰত চুলাই মদৰ বিৰুদ্ধে এক অভিযান চলাই৷ এই অভিযানত ৰতনপুৰ গাঁৱৰ তিনিটা পৰিয়ালত অভিযান চলাই প্ৰায় দুহেজাৰ চুলাই মদ নষ্ট কৰাৰ লগতে মদ তৈয়াৰ কৰা বহুসংখ্যক কেঁচা সামগ্ৰী নষ্ট কৰে দলটোৱে ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি উক্ত গাঁওখনৰ বহুলোকে চুলাই মদৰ ভাটি স্থাপন কৰি মদৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল ৷

বৃহস্পতিবাৰে মূলত আৰক্ষী আৰু আৱকাৰী বিভাগে উক্ত অঞ্চলত মদৰ ভাটি উৎখাত কৰে যদিও কোনো লোককে আটক কৰা নাই ৷ আনহাতে দীৰ্ঘদিনৰ মূৰত ছয়গাঁৱত আৱকাৰী বিভাগে আৰক্ষীৰ সৈতে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই যদিও আৱকাৰীৰ বিভাগৰ বিৰুদ্ধে আছে চুলাই মদৰ ঘাটিৰ পৰা ধন লোৱাৰ অভিযোগ ৷ বৰ্তমান ছয়গাঁৱত অবৈধ মদৰ বিৰুদ্ধে কেৱল আৰক্ষীয়েহে অভিযান চলোৱাটো পৰিলক্ষিত হৈ আহিছে ৷ অৱশ্যে বৃহস্পতিবাৰে আৰক্ষীৰ উপৰিও আৱকাৰী বিভাগৰ এই তৎপৰতাক বহুলোকে শলাগ লোৱা দেখা গৈছে ৷

মন কৰিব লগীয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে ৰাজ্যত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ৷

অভিযানত ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ বহু ড্ৰাগছ,গাঞ্জা তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ীৰ লগতে সৰবৰাহকাৰী ৷ ইপিনে শেহতীয়াকৈ ৰাজ্যজুৰি আৰম্ভ হৈছে জব্দকৃত ড্ৰাগছ সমূহ বিনষ্টকৰণ কাৰ্যসূচী ৷ উল্লেখ্য যে,এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ স্বাৰ্থত অসম আৰক্ষীৰ কঠোৰৰ পৰা হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাছতে অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীলৈ গো-মাংস প্ৰেৰণৰ পোষ্ট কৰি বিপদত যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.