ETV Bharat / state

ছয়গাঁৱত ১১ টা চোৰাং গৰু জব্দ - assam police

ছয়গাঁও আৰক্ষীৰ অভিযানত বৃহস্পতিবাৰে পুৱা জব্দ কৰা হয় ১১ টাকৈ চোৰাং গৰু কঢ়িওৱা বাহন ৷ গৰু কঢ়িওৱা বাহনখনৰ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুজনকৈ চোৰাং গৰুৰ ব্যৱসায়ত জড়িত লোকক ৷

ছয়গাঁৱত ১১ টাকৈ চোৰাং গৰু কঢ়িওৱা বাহন সহ দুজনক আটক
police-catches-two-illegal-cattle-dealers-along-with-cattle-in-a-vehicle-in-chaygaon-assam-
author img

By

Published : Jun 10, 2021, 12:46 PM IST

ছয়গাঁও,১০ জুন : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ বেহা ৷ বৃহস্পতিবাৰে পুৱা ছয়গাঁও আৰক্ষীয়ে বৰটাৰীত জব্দ কৰে ১১ টাকৈ চোৰাং গৰুসহ এখন বাহন ৷ ইয়াৰ লগতে আৰক্ষীয়ে গৰুৰ চোৰাং বেহাত জড়িত দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, কুকুৰমাৰাৰ পৰা বৰটাৰীলৈ যোৱা পথটোৰে চোৰাং গৰু সৰবৰাহৰ তথ্য ছয়গাঁও আৰক্ষীয়ে লাভ কৰাৰ পিছত বিগত কেইবাদিনো ধৰি চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰাৰ বাবে গোপনে অভিযান চলাই আছিল ৷ অৱশেষত বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠক আৰু কুকুৰমাৰা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত কলিতাৰ নেতৃত্বত যৌথভাৱে চলোৱা এক অভিযানত এ এছ ২৫ চি চি ৮১৯৪ নম্বৰৰ বাহনখন বৰটাৰীত জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

উল্লেখ্য যে, বাহনখনত মুঠ ১১ টা গৰু কঢ়িয়াই অনা হৈছিল ৷ বকোৰ মাহতলীৰ মোক্ৰম আলী আৰু গৰৈমাৰীৰ কান্দুলিমাৰীৰ দিলবৰ আলী নামৰ লোক দুজনক আটক কৰে আৰক্ষীয়ে ৷ উক্ত বাহনখন দক্ষিণ কামৰূপৰ বিজয়নগৰৰ পৰা বকোৰ সোণতলী দিশে গৈ আছিল ৷ উক্ত বাহনখনে কুকুৰমাৰা হৈ বৰটাৰীৰে মথাউৰিত উঠি সোণতলীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷

ইয়াৰ পূৰ্বে ছয়গাঁৱৰ গুমি পথেৰে চোৰাং গৰুৰ চালান হৈ থকাৰ কথা পোহৰলৈ আহিছে ৷ কিন্ত উক্ত পথটোত আৰক্ষীৰ চোকা পহৰা থকাৰ বাবে চোৰাং গৰু ব্যৱসায়ীসকলে পথ সলাই নতুনকৈ কুকুৰমাৰা বৰটাৰী পথটো বাছি লৈছে ৷ এই তথ্য লাভৰ পিছতে ছয়গাঁও আৰক্ষীয়ে কুকুৰমাৰা বৰটাৰী পথটোত চোকা নজৰ দি আছিল ৷ যাৰ ফলত বৃহস্পতিবাৰে আৰক্ষীয়ে চোৰাং গৰু কঢ়িওৱা গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : নামতোলাত আৰক্ষী-চিআৰপিএফৰ যুটীয়া অভিযানত গাঞ্জাসহ এজন আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.