ETV Bharat / state

আৰক্ষীৰ অভিযানত বাইহাটাত ড্ৰাগছ ব্যৱসায়ীক আটক

author img

By

Published : Oct 11, 2020, 6:00 PM IST

বাইহাটাত ড্ৰাগছ ব্যৱসায়ীক আটক ৷ আৰক্ষীৰ অভিযানত আটক কৰা হয় লোকজনক ৷ লগতে জব্দ বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷

Police arrested drug dealer in Baihatachariyali
আৰক্ষীৰ অভিযানত বাইহাটাত ড্ৰাগছ ব্যৱসায়ীক আটক

বাইহাটা, 11 অক্টোবৰ : কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত দেওবাৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আটক কৰে এগৰাকী ড্ৰাগছ ব্যৱসায়ীক । ৰঙিয়া মহকুমা আৰক্ষী আৰু বাইহাটা চাৰিআলি আৰক্ষীয়ে অভিযান চলাই আটক কৰা ব্যৱসায়ীজন চুমন দাস বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

Police arrested drug dealer in Baihatachariyali
জব্দকৃত সামগ্ৰী

বাইহাটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই চুমন দাসৰ ঘৰৰ পৰা প্ৰায় 40000 টকা মূল্যৰ নিচা জাতীয় তেবলেট, কফ চিৰাপ জব্দ কৰাৰ লগতে চুমন দাসক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, চুমন দাসে দীৰ্ঘদিনৰ পৰা নিচা জাতীয় সামগ্ৰীৰ ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : স্তন কেন্সাৰ সজাগতা মাহ উপলক্ষে হেল্থ চিটিৰ উদ্যোগত বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.