ETV Bharat / state

ৰঙিয়াত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক - Fraud arrested in Rangia

নলবাৰী আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে নলবাৰীত আটক কৰে এটা প্ৰৱঞ্চকক(Fraud arrested in Rangia) । শনিবাৰে নিশা অভিযান চলাই আটক কৰে প্ৰৱঞ্চকটোক । বাছ আস্থান বা তেনে কোনো ঠাইত অকলশৰীয়াকৈ থকা মহিলাক সহায় কৰাৰ চলেৰে লুটি নিয়াৰ বহুকেইটা অভিযোগ ধৃত প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ।

police arrest a fraud in rangia
ৰঙিয়াত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক
author img

By

Published : Sep 4, 2022, 9:50 PM IST

ৰঙিয়া,৪ ছেপ্টেম্বৰ: ৰঙিয়া আৰক্ষীৰ জালত পৰিল দীৰ্ঘদিনে প্ৰৱঞ্চনাৰ জাল পেলোৱা এটা প্ৰৱঞ্চক(Fraud arrested in Rangia) । ৰঙিয়া আৰক্ষীয়ে নলবাৰী আৰক্ষীৰ সহযোগত শনিবাৰে নিশা প্ৰৱঞ্চকটোক নলবাৰী চহৰৰ পৰা আটক কৰি আনে । ধৃত প্ৰৱঞ্চকটো নলবাৰী সত‍্যজিৎ ডেকা । আৰক্ষীৰ ভাষ‍্য অনুসৰি প্ৰৱঞ্চকটোৰ বিৰুদ্ধে বাছ আস্থান বা তেনেকুৱা কোনো ঠাইত অকলশৰীয়াকৈ থকা মহিলাক সহায় কৰাৰ চলেৰে লুটি নিয়াৰ বহুকেইটা অভিযোগ আছে(Arrested fraud cheated many people) ।

ৰঙিয়াত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক

তেনেদৰে এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে প্ৰৱঞ্চকটোক আটক কৰিবলৈ সক্ষম হয় । ঘটনা অনুসৰি শনিবাৰে দিনৰ ভাগত কেন্দুকোনা নিবাসী তথা ৬২ নং পশ্চিম সাহান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী এলিজা শইকীয়াই ৩১ নং ঘাইপথৰ উদিয়ানা চ'কত গাড়ীৰ বাবে অপেক্ষা কৰি আছিল । তেনে সময়তে প্ৰৱঞ্চক সত‍্যজিৎ ডেকাই উক্ত স্থানত আহি মহিলা গৰাকীক নিজকে তেওঁৰ ভাগিন লৰাৰ বন্ধু বুলি পৰিচয় দি তেওঁক ঘৰত থৈ আহিম বুলি কয় ।

মহিলা গৰাকীয়েও যুৱকজনৰ কথাত পতিয়ন গৈ গাড়ীত উঠি ঘৰমুৱা হয় । কিন্তু ৰঙিয়াৰ মৰানজানাৰ ওচৰত গাড়ীত তেল ভৰাব বুলি কৈ এলিজা শইকীয়াক প্ৰৱঞ্চকটোৱে গাড়ীৰ পৰা নমাই দিয়ে । মহিলা গৰাকী গাড়ীৰ পৰা নমাৰ পিছতেই প্ৰৱঞ্চকটোৱে মহিলা গৰাকীৰ বেগটোৰ সৈতে গাড়ী লৈ সেই স্থানৰ পৰা উধাও হয় । বেগটোত নগদ ৬০ হাজাৰ টকা , মোবাইল ফোন এটা আৰু বিদ্যালয়খনৰ ছিল মোহৰ আছিল বুলি মহিলা গৰাকীয়ে জানিবলৈ দিয়ে ।

মহিলা গৰাকীয়ে বহু সময় ৰখাৰ পিছতো যুৱকজন ওভতি নহাত আৰক্ষীৰ কাষ চাপে । তাৰপিছত মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি প্ৰৱঞ্চকটোক অভিযোগ দাখিলৰ ১২ ঘণ্টাৰ ভিতৰত নলবাৰী নগৰৰ পৰা আটক কৰি আনে । বৰ্তমান ৰঙিয়া আৰক্ষীয়ে ধৃত প্ৰৱঞ্চকটোক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: দেওপানী নৈৰ পাৰত এটা কুকুৰৰ বিৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.