ETV Bharat / state

স্নিফাৰ ডগ আৰু অত্যাধুনিক মেচিনেৰে বৰঝাৰত আৰক্ষীৰ তালাচী

author img

By

Published : Jan 25, 2021, 6:44 PM IST

72 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বৰঝাৰ বিমানবন্দৰত ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিৰাপত্তাকলৈ তৎপৰ হৈ পৰিছে বৰঝাৰ আৰক্ষী চকী আৰু বিমানবন্দৰৰ দায়িত্বত থকা চিআইএচএফ বাহিনী ৷ স্নিফাৰ ডগ আৰু অত্যাধুনিক মেচিনেৰে বিমানবন্দৰ চৌহদ তথা যাত্ৰীৰ বেগ তন্ন তন্নকৈ পৰীক্ষা ৷

police and cisf checking at borjhar airport ahead of republic day

আজাৰা, 25 জানুৱাৰী : 72 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকাৰ মাজতে কোনো দুস্কৃতিকাৰীয়ে যাতে কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰত আৰক্ষী প্ৰশাসনৰ লগতে চিআইএচএফ বাহিনী যথেষ্ট সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে ৷

বৰঝাৰত আৰক্ষীৰ তালাচী

সোমবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৰঝাৰ আৰক্ষীৰ লগতে বিমানবন্দৰৰ দায়িত্বত থকা চিআইএফ বাহিনীয়ে বিমান বন্দৰত প্ৰৱেশ কৰা প্ৰতিখন সৰু ডাঙৰ বাহনত তালাচী চলোৱাৰ লগতে স্নিফাৰ ডগ আৰু অত্যাধুনিক মেচিনেৰে বিমানবন্দৰ চৌহদ তথা যাত্ৰীৰ বেগ ইত্যাদি তন্ন তন্নকৈ পৰীক্ষা কৰে ৷

তালাচী অভিযানত ব্যস্ত থকা আৰক্ষী বিষয়া সকলে জানিবলৈ দিয়ে যে, কোনোৱে যাতে কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে বিস্ফোৰক সামগ্ৰী লগত লৈ বিমানবন্দৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰে সেই উদ্দেশ্য আগত ৰাখি বিমানবন্দৰৰ নিৰাপত্তা ব্যৱস্থা এনেদৰে কটকটীয়া কৰি তোলা হৈছে ৷ বিমানবন্দৰৰ দায়িত্বত থকা চিআইএচএফ বাহিনীৰ লগতে বৰঝাৰ আৰক্ষীয়ে তালাচী অভিযানত কোনো সুৰুঙা এৰা নাই বুলিও দায়িত্বত থকা আৰক্ষী সকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ বিশেষ ৰাজ্যিক সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.