গুৱাহাটী,১৩ জুন: অসমৰ অনুবাদ সাহিত্য়ৰ বাবে এটা সুখবৰ । কলকাতাৰ 'জীৱনানন্দ দাস বঁটা 'এইবাৰ অসমৰ হৰ্ষিতা হিয়াক প্ৰদান কৰা হৈছে (Jibanananda Das Memorial Award to Harshita Hiya) । যোৱা ১১ জুনত কলকাতাৰ ইষ্টাৰ্ণ জ'নেল কালচাৰেল চেণ্টাৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত এই বঁটা হৰ্ষিতা হিয়াক প্ৰদান কৰা হয় । উল্লেখ্য় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এণ্টনিম আৰু কলকাতাৰ ভাষা সংসদে যুটীয়া ভাৱে দেশৰ বিভিন্ন ভাষাৰ কবিতা ইংৰাজী আৰু বাংলা ভাষালৈ অনুবাদ কৰা এক অভিলাসী প্ৰতিযোগিতাত তেওঁ এই সন্মান লাভ কৰে ।
আঞ্চলিক ভাষাৰ উৎকৃষ্ট ৰচনাৰাজিৰ অধিক প্ৰচাৰ-প্ৰসাৰৰ বাবে আয়োজন কৰা হয় উক্ত প্ৰতিযোগিতাখনি । প্ৰতিযোগিতাখনিত অসমীয়া ভাষাৰ কবিতা ইংৰাজী ভাষালৈ কৰা অনুবাদৰ বাবে অসম জীয়ৰী হৰ্ষিতা হিয়াক এই সন্মান প্ৰদান কৰা হয় । ইতিমধ্যে এণ্টনিমৰ ছপা সংস্কৰণতো হৰ্ষিতাৰ অনুবাদ প্ৰকাশ পাইছে । ইপিনে, হৰ্ষিতাৰ অনুদিত এই কবিতা উক্ত অনুষ্ঠানত পাঠ কৰে বাংলা চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী অপৰ্ণা সেন আৰু তেওঁৰ স্বামী কল্যাণ সেনে । হৰ্ষিতা হিয়াক প্ৰদান কৰা এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক, এখন চাদৰ আৰু নগদ ধন ।
উল্লেখ্য যে, বলীউড অভিনেত্ৰী টুইংকল খান্নাই তেওঁৰ টুইক ইণ্ডিয়াৰ জড়িয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা 'ষ্টৰী টেলাৰ' প্ৰতিযোগিতাখনিতো দেশৰ তিনি গৰাকী বিজয়ীৰ ভিতৰত অন্যতম আছিল হৰ্ষিতা (Tweak India founded by Twinkle Khanna) । তাৰোপৰি নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত স্নাতকোত্তৰ হৰ্ষিতা হিয়াই ইতিমধ্যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু 'ইংৰাজী ভাষালৈ অনুবাদ কৰিছে (English version of Buri Air Sadhu) ।
অনুবাদ সাহিত্যৰ প্ৰতি বিশেষ অনুৰাগ থকা হৰ্ষিতাই অলপতে কলকাতাৰ বি বি ই প্ৰকাশন গোষ্ঠীয়ে বৃটিছ কাউন্সিলৰ সহযোগিতাত আয়োজন কৰা সপ্তাহজোৰা এক কৰ্মশালাতো অংশগ্ৰহণ কৰিছিল (Workshop on literary translations) । বৃটিছ কাউন্সিলৰ লুইচি হান্নান, অনুবাদ সাহিত্যৰ বৰেণ্য ব্যক্তি অৰুণাভ সিনহা, অসমৰ মিত্ৰা ফুকন আদিসকলে প্ৰশিক্ষণ প্ৰদান কৰিছিল এই কৰ্মশালাত ।