ছয়গাঁও, 13 জুন : এগৰাকী চৰকাৰী চিকিৎসক হিচাপে নিজৰ দায়িত্ব সূচাৰূৰূপে পালন কৰাৰ উপৰিও কৃষি কৰ্মত নিয়োজিত হৈ আন দহজনক আদৰ্শ দেখুৱাইছে ডাঃ গৰ্গৰাম মালীয়ে ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ(palashbari lac)সাতপখলী গাঁৱৰ গৰ্গৰাম মালী নামৰ এইগৰাকী চিকিৎসকে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতি কৰিছে ৷ ঘৰৰ পৰা কিছু দূৰৈত কৰ্মৰত চৰকাৰী চিকিৎসক(government physicist) গৰাকীয়ে সাতপখলী গাঁৱৰ কাষেৰে বৈ যোৱা বাঠা নৈৰ পাৰত দহ বিঘা মাটিত গঢ়ি তুলিছে এখন বৃহৎ কৃষি পাম ৷
ডাঃ মালীয়ে তিনিবছৰ পূৰ্বে এই দহ বিঘা মাটিত আৰম্ভ কৰা কৃষি কাৰ্য এতিয়া আন দহজনৰ বাবে হৈ পৰিছে আদৰ্শ ৷ আজৰি সময়ত কৃষি পামত ব্যস্ত হোৱা চিকিৎসক গৰাকীক কমল কুমাৰ মালী নামৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়েও দিছে সংগ ৷ কৃষি পামখন(farm house)ত বছৰটোৰ প্ৰায়বোৰ পাচলিৰ খেতিয়েই কৰা হয় বিশেষকৈ, জিকা, ভোল, লেচেৰা মাহ , তিঁয়হ, বেঙেনা, জলকীয়া,ভেন্দি, উৰহি, বাদাম, তৰমূজ, ৰঙালাউ, মাকৈ, অমিতা, কুঁহিয়াৰ ,ষ্ট’বেৰী, থাইলেণ্ডৰ বগৰি, বীন, ভোট জলকীয়া, মৰাপাট, ফুল আদিকে ধৰি ৰবি শস্যৰ বতৰত সকলো খেতিয়েই কৰে ৷
আনহাতে, নিজে খোৱাৰ উপৰি অতিৰিক্ত উৎপাদিত শাক পাচলি তথা অন্যান্য সামগ্ৰী সমূহ বিক্ৰীৰ বাবে বজাৰলৈ পঠিওৱা হয় যদিও উপযুক্ত দাম নোপোৱা বুলিও আক্ষেপ কৰে চিকিৎসক গৰাকীয়ে ৷ তেওঁলোকৰ এই পামখন দেখি গাঁওখনৰ দুই চাৰিজন অন্য লোকেও এনেধৰণৰ কৃষি পাম খুলিবলৈ আগবাঢ়ি অহা বুলিও তেওঁ জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : চিনেমাৰ কায়দাৰে চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ শিহৰণকাৰী দৃশ্য...